সেইদিনাৰপৰা এই দেৱীমূৰ্ত্তি ছোৱালীজনীৰ চিন্তাতেই ডাণ্টেই
শুকাই-খীণাই যাবলৈ ধৰিলে। তেওঁৰ বন্ধু-বান্ধৱসকলে সন্দেহ কৰিলে
যে কাৰবাৰ লগত প্ৰেমত পৰি ডাণ্টেৰ এই দুৰ্দশাপন্ন অৱস্থা হৈছে।
নানান চেষ্টা কৰিও তেওঁলোকে ডাণ্টেৰ অন্তৰ্নিহিত ভাবৰ উৱাদিহ
উলিয়াব নোৱাৰিলে। ডাণ্টেও কেনেবাকৈ তেওঁৰ গোপন প্ৰীতি
প্ৰকাশ হয় বুলি আন এজনী ছোৱালীৰ নামে কবিতা লিখি তেওঁৰ
লগৰীয়াসকলৰ চকুত ধূলি মাৰিবলৈ চেষ্টা কৰিলে। এই চাতুৰীৰ
ফলত তেওঁব বন্ধুসকল প্ৰতাড়িত হ’ল সঁচা, কিন্তু আনফালে ইয়াৰ
ফল ডাণ্টেৰ প্ৰতি বিষময় হৈ উঠিল। মানুহৰ মুখে মুখে বাগৰি গৈ
ডাণ্টে এজন চৰিত্ৰহীন ডেকা বুলি এটি জনৰৱ উঠিল। এইটো
বিয়েট্ৰীচৰ কাণতো সম্ভৱ পৰিলগৈ।
আন এদিন বাটত আগৰ দৰে ভেটাভেটি হ’লত বিয়েট্ৰীচে ডাণ্টেক নমস্কাৰ নকৰিলে। ইয়াতেই কবিয়ে মনত তীব্ৰ আঘাত পালে। নীৰল ঠাই এডোখৰলৈ গৈ কবিয়ে মনৰ হেঁপাহ পলুৱাই কান্দি নিজৰ ঘৰলৈ গৈ মনে মনে শুই থাকিল। সপোনত দেখিলে বগা কাপোৰ পিন্ধা ডেকা এজনে তেওঁৰ কাষত বহি হুমুনিয়াহ কাঢ়ি তেওঁক ক'লে, ‘বোপাটি, তুমি এতিয়া ছলনা এৰি পেলোৱা; তুমি, এনেভাৱে এটি কবিতা লিখি প্ৰচাৰ কৰাঁ, তাৰপৰা যেন তোমাৰ প্ৰকৃত কাহিনী প্ৰকাশ পায়; আৰু কবিতাটো এনেবোৰ ঠাইলৈ পঠিয়াবা যেন তাৰ মৰ্ম্ম তোমাৰ প্ৰেয়সীৰ কাণত উঠেগৈ৷” এনেতে সপোনৰ মূৰ্ত্তিৰ অন্তৰ্ধান হ’ল আৰু লগে লগে তেওঁৰ সপোেনো ভাগিল।
ইয়াৰ কিছুমান দিনৰ পিছত বিয়েট্ৰীচৰ পিতাক ঢুকাল। বিয়েট্ৰীচৰ পিতৃ-শোকত ডাণ্টে নিজেই ইমান চিন্তাকুল হ’ল যে তেৱোঁ