পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
বাণীকান্ত কাকতি

জন্ম হয়। ইটালী দেশৰ মহানগৰীবোৰত তেতিয়া ৰাজনৈতিক দলসমূহৰ ভিতৰত নানান আত্ম-বিদ্ৰোহ চলিছিল। সৰুৰেপৰাই ডাণ্টেই এফালে যেনেকৈ লিখা-পঢ়াত মন দিছিল, সেইদৰে আনফালে ৰাজনৈতিক আন্দোলনতো তেওঁৰ সম্পূৰ্ণ যোগ আছিল। তাৰ ফলত মাজ বয়সতেই তেওঁ ফ্লোৰেঞ্চ নগৰৰপৰা নিৰ্ব্বাসিত হৈ জীৱিত কালত আকৌ পুনৰ জন্মভূমিলৈ উলটি আহিবলৈ নেপালে।

  ডাণ্টেৰ বয়স যেতিয়া ন বছৰ পাৰ হ'ব লগীয়া, তেতিয়া তেওঁ নাগৰিিক এজনে দিয়া ভোজ এখনলৈ গৈছিল। তাতে তেওঁ ন বছৰত ভৰি দিয়া স্নিগ্ধ বা শাৰী পিন্ধা ছোৱালী এজনী দেখা পালে। ছোৱালীজনীৰ বাপেকো সেই ভোজলৈ গৈছিল। ছোৱালীজনীক দেখিয়ে ন বছৰীয়া ডাণ্টেৰ সৰ্ব্বশৰীৰ এনেভাৱে কঁপি উঠিল যে তেওঁ কান্দি পেলালে। কান্দোনতেই তেওঁৰ অন্তৰাত্মাই এনেদৰে কোৱা যেন শুনিলে, “এইজনীয়েই তোমাৰ জীৱন-দেৱতা, তোমাৰ অন্তৰাত্মাৰ ওপৰত এৱেঁই প্ৰভুত্ব কৰিব।” সেইদিনাৰপৰাই তেওঁৰ মনত প্ৰেমৰ পৰৱেশ হ’ল আৰু বিয়েট্ৰীচৰ ছবি তেওঁৰ অন্তৰত ওপঙিবলৈ ধৰিলে। তাৰ পিছত সুদীৰ্ঘ ন বছৰৰ অন্তত আকৌ এদিন বিয়েট্ৰীচক দেখা পালে। আগৰপৰা গুৰিলৈ বগা কাপোৰ পিন্ধি দুজনী তেওঁতকৈ বেছি বয়সীয়া গাভৰুৰ মাজত তেওঁ বাটেৰে খোজ কাঢ়ি গৈছে। অকস্মাৎ বাটৰ এচুকত ওঠৰ বছৰীয়া ডাণ্টে লাজতে তলমূৰ হৈ থকা দেখি তেওঁৰ ফালে চাই বিয়েট্ৰীচে শিষ্টাতাব খাটিৰত তেওঁক নমস্কাৰ কৰি লাহে লাহে গুচি গ'ল। সেই নমস্কাৰতেই কবিয়ে স্বৰ্গীয় সুখৰ শেহ সীমা পোৱা যেন পালে। সুখতেই তন্দ্ৰাভিভূত হৈ কবিয়ে নিজৰ ঘৰ পাই এই নৱাৱিৰ্ভুত জীৱন-দেৱতাৰ কথা ভাবি থাকোতেই