পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
কবিৰ অহৈতুকী প্ৰীতি

উন্মাদনাত কবিয়ে প্ৰেমিকাক ‘ত্বমসি মে জীৱনং দ্বিতীয়ম’ বা ‘তুমিয়েই মোৰ জীৱৰ সৰ্ব্বহ” ইত্যাদি ধৰণে ভক্তি-ভাবৰ আৱেশত কোৱা কথাৰ দৰে সাধাৰণ মানুহে উপলব্ধি কৰিব পাৰে। কিন্তু কাম-গন্ধ- বিহীন উচ্ছ্বসিত প্ৰেমিকাক ‘বেদমাতা গায়ত্ৰী’ মন্ত্ৰৰ ওখ আসন দি প্ৰেমিকাকেই ‘উপাসনা-ৰস’ বুলি বৰ্ণনা কৰা কথা সাধাৰণ মানুহৰ মনত চিৰকালেই মানৱ হৃদয়ব কুঁৱলীৰে ঢকা বিৰাট প্ৰহেলিকাৰ দৰে ৰৈ থাকিব।

 চণ্ডীদাসৰ ৰজকিনী-ভক্তি অধিক কবিত্ব-ৰসেৰে ৰঞ্জিত হৈ আছে। কেৱল কবিব ৰসতেই তিৰুতাই কবিৰ মনত সেই ওখ আসন পাইছে নে নাই তলত দিয়া ঘটনাত সেইটোকেই আলোচনা কৰা হ’ব। চণ্ডীদাসৰ ঘৰুৱা বা পাৰিবাৰিক জীৱনৰ কথা নাইবা তেওঁৰ ভক্ত- জীৱন বা উপাসনা-প্ৰণালীৰ কথা আমি নেজানো। তেওঁৰ ধৰ্ম্ম-মতত দীক্ষিতসকলে তেওঁৰ ৰহস্যপূৰ্ণ উক্তিবোৰ মৰ্ম্ম বুজিলেও বুজিব পাৰে, কিন্তু সাধাৰণ পঢ়োতা হিছাপে তেওঁৰ পদাৱলীৰ সৰহভাগ উক্তিয়েই আমাৰ মনত কুঁৱলীময়।

 যি কামগন্ধবিহীন প্ৰেমৰ বিৰাট আৱেগত চণ্ডীদাসে প্ৰেমিকা ৰজকিনীক ‘বেদমাতা গায়ত্ৰী’ ‘উপাসনা-ৰস’ আদি বুলি বৰ্ণনা কৰিছে ইটালী দেশৰ মহাকবি ডাণ্টেও সেই একেই প্ৰেমৰ আৱেগতেই তেওঁৰ প্ৰেয়সী বিয়েট্ৰীচক সমান ওখ ঠাই দিছে। মহাকবি ডাণ্টেই তেওঁৰ এই প্ৰেম “Vita Nuova” বা “নৱজীৱন” নামেৰে এখন সৰু গদ্য-পদ্যময় কিতাপত বৰ্ণনা কৰিছে। সেই কিতাপখনক তেওঁৰ প্ৰেমিক-জীৱনৰ আত্ম-চৰিত বুলিব পাৰি।

 খ্ৰীষ্টীয় ১২৬৫ শকত ইটালীদেশৰ ফ্লোৰেন্স নগৰত মহাকবি ডাণ্টেৰ