{{Block center|<poem>
কবিৰ অহৈতুকী প্ৰীতি
সহজীয়া বৈষ্ণৱ কবিসকলে যেতিয়া পৰাঙ্গণা-প্ৰীতিকেই সাধনাৰ মুখ্য উপকৰণ বুলি বৰ্ণনা কৰে তেতিয়া অভকত অবৈঞ্চৱ সাধাৰণ মানুহৰ মনত সহজেই সংশয় উপস্থিত হয় যে এই পৰাঙ্গণা-প্ৰীতিবাদ কেৱল ধৰ্ম্মৰ নামেৰে ঢাকি ৰখা প্ৰচ্ছন্ন সম্ভোগ-লিপ্সা মাথোন। সেইদেখি সহজীয়া পন্থৰ অতি উত্তম খাপৰ কবি চণ্ডীদাসৰ উক্তি আমাৰ মনত দুৰ্ব্বোধ্য যেন লাগে। সহজীয়া পন্থৰ ৰীতি অনুসাৰে ৰামী নামেৰে ধুবুনী এজনীৰ লগত চণ্ডীদাসৰ প্ৰীতি আছিল আৰু এই ধুবুনীজনীকেই চণ্ডীদাসৰ পদাৱলীৰ উত্তেজিকা শক্তি বুলিব পাৰি। এঠাইত কবিয়ে ধুবুনীৰ বিষয়ে কৈছে—
ৰজকিনী ৰূপ কিশোৰী স্বৰূপ কাম-গন্ধ নাহি তায়।
না দেখিলে মন কৰে উচাটন দেখিলে পৰাণ জুড়ায়॥
তুমি ৰজকিনী আমাৰ ৰমণী তুমি হও পিতৃ-মাতৃ।
ত্ৰিসন্ধ্যা ৰাজন তোমাৰি ভজন তুমি বেদমাতা গায়ত্ৰী
তুমি বাগ্বাদিনী হবেৰ ঘৰণী তুমি সে গলাৰ হাৰা।
তুমি স্বৰ্গ-মৰ্ত্ত্য পাতাল-পৰ্ব্বত তুমি সে নয়নেৰ তাৰা ৷৷
ও ৰূপ-মাধুৰী পাসৰিতে নাৰি কি দিয়ে কৰিব বশ।
তুমিসে তন্ত্ৰ তুমি সে মস্ত্ৰ তুমি উপাসনা-বস ৷৷
সাধাৰণ ভাষাত ৰজকিনী কবিৰ প্ৰেয়সী-স্বৰূপ আছিল। কিন্তু কবিয়ে কৈ গৈছে ধুবুনীৰ লগত তেওঁৰ যি সম্বন্ধ নেথাকক তাৰ ভিতৰত কাম-বাসনাৰ লেশমাত্ৰও নাছিল--“কাম-গন্ধ নাহি তায়“। প্ৰেমৰ