পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
সাহিত্যৰ সমস্যা

আৱিৰ্ভাৱ হোৱা হ’লে তেওঁব চিন্তাই আনফালে গতি ল’লেহেঁতেন বুলি অনুমান কৰিব পাৰি। ফৰাচী-বিপ্লৱৰ আগে আগে পাশ্চাত্য সমাজত সামাজিক বিদ্ৰোহমূলক চিন্তাৰ যি এটা টো উঠিছিল, তাৰ সকলো আন্দোলন সম-সাময়িক সাহিত্যত প্ৰতিফলিত হৈ আছে। এই বিৰাট সামাজিক অভিজ্ঞতাৰ বাৰ ওঠৰ শতিকাৰ শেহ ভাগৰ ফৰাচী গদ্য আকি জাৰ্মান কাব্য-সাহিত্যত লীন হৈ আছে।

 আধুনিক যুগত সামাজিক অভিজ্ঞতাৰ প্ৰভাৱ উপন্যাস-সাহিত্যত অতি স্পষ্টভাৱে দেখা যায়। আধুনিক উপন্যাস সাহিত্যৰ দুটা প্ৰধান ধাৰা পোৱা যায় ফৰাচী আৰু ৰুছ সাহিত্যত। ফৰাচী সমালোচক ব্ৰনটিয়েৰে এঠাইত কৈছে যে, ফৰাচী উপন্যাস ৰিচাৰ্ডছন বা জৰ্জ্জ ইলিয়টৰ উপন্যাসৰ দৰে মানসিক বিশ্লেষণ নাই, ফৰাচী উপন্যাস- বিলাক একোটা সামাজিক প্ৰতিবিম্ব। কিন্তু ৰুছ সাহিত্যতো একে দৃশ্যকে দেখা যায়। গগলৰ দিনৰেপৰা আৰম্ভ কৰি প্ৰায়বিলাক ৰুছ উপন্যাসৰ উদ্দেশ্য সামাজিক বিশ্লেষণ আৰু প্ৰায়বিলাকেই সামাজিক চিন্তাৰ দ্বাৰা অনুপ্ৰাণিত। সামাজিক উপাদান প্ৰাধান্য দেখিয়েই কোনোৱে ৰুছ উপন্যাসবিলাক ৰছ সামাজিক বুৰঞ্জীৰ আহিলা-পাতি স্বৰূপে ব্যৱহাৰ কৰিব খোজ। আধুনিক যুগৰ সামাজিক অভিব্যক্তিৰ দুটা স্তৰ ফৰাচী উপন্যাস সাহিত্যত বাল্‌জাক্ আৰু এমিন্ জ’লাৰ উপন্যাসত অধ্যয়ন কৰিব পাৰি। আধুনিক সমাজৰ আৰ্থিক অভিজ্ঞতাৰ প্ৰতি বাল্‌জাকে বিশেষভাৱে মন দিছিল আৰু আধুনিক সভ্যতাতধ ধনৰ ঠাই বিশ্লেষণ কৰিবলৈ গৈ বাল্‌জাকে শিল্প, ব্যৱসায় আৰু বেঙ্ক আদি আৰ্থিক প্ৰতিষ্ঠানৰপৰা সঁজুলি লৈছিল। কিন্তু তেওঁৰ পৰৱৰ্ত্তী লেখক এমিল্ জ’লাৰ উপন্যাসত টকাৰ বজাৰৰ উত্থান-পতন, বিৰাট