পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
শ্ৰীকৃষ্ণকান্ত সন্দিকৈ

শিল্প-প্ৰতিষ্ঠান, আধুনিক ৰাজধানীৰ প্ৰকাণ্ড দোকান, বেঙ্কৰ সমান কঁপোৱা অৰ্থ-সঙ্কট আদিৰ যি সম্ভেদ পোৱা যায়, তাৰ তুলনা বাল্‌জাক্ আৰু তেওঁৰ সমসাময়িক সমাজৰ আৰ্থিক অভিজ্ঞতা সংক্ষিপ্ত আৰু সীমাবদ্ধ বুলি বোধ হয়। আধুনিক সমাজৰ আৰু এটা নতুন অভিজ্ঞতা বনুৱা-সমস্যাৰ সন্ধানো এমিল্ জ’লাৰ উপন্যাসত বিস্তৃতভাৱে পোৱা যায়। এই সমস্যালৈ বাল্‌জাকে মন দিয়া নাছিল। বনুৱা ৰোহৰ প্ৰথম স্মৰণীয় চিত্ৰ জ’লাৰ উপন্যাসতে পোৱা যায়। আধুনিক ইংৰাজী সাহিত্যতো গেল্‌ছৱৰ্থিয়ে এই বনুৱা-ৰোহৰ কথা এখন উপাদেয় নাটকত লিখি গৈছে। আমাৰ সাহিত্যত এনেকুৱা চিত্ৰ আঁকিব পাৰি নে নোৱাৰি, আৰু নোৱাৰি যদি কিয় নোৱাৰি, তাৰ উত্তৰ আমাৰ সামাজিক অৱস্থাৰ ফালে চালেই পোৱা যাব। সি যি হওক, আধুনিক নাট্য-সাহিত্যেও সামাজিক চিন্তাৰে অনুপ্ৰাণিত আন সামাজিক বিশ্লেষণত তৎপৰ। ইব্‌ছেন্, বাৰ্ণাৰ্ড শ্ব আদিয়ে সমস্যা পৰীক্ষামূলক অনুসন্ধান কৰি নতুন পথ দেখুৱাইছে। বাৰ্ণাৰ্ড্ শ্বই এঠাইত কৈছে যে, আধুনিক যুগত কেৱল একপ্ৰকাৰ নাটক টিকি পাৰে, সি হৈছে চিন্তাশীল নাটক (drama of thought) চিন্তাশীলৰ চিন্তা বুলি কাৰ্লাইলে সাহিত্যৰ যি লক্ষণ দিছিল, ই তাৰে ৰূপান্তৰ মাথোন।

 জাতীয় অভিজ্ঞতা বা জাতীয় আন্দোলনৰ লগত সাহিত্যৰ কি সম্বন্ধ সেই বিষয়ে একো নকৈ নেপলিয়ানৰ বিৰুদ্ধে জাৰ্মান পদ্য আৰু গদ্য সাহিত্যত জাতীয় আত্মবোধব যি প্ৰচণ্ড ঢৌ উঠিছিল, তালৈ আঙু লিয়ালেই যথেষ্ট হ’ব। সামৰিক অভিজ্ঞতা জাতীয় জীৱনৰ এটা প্ৰধান অঙ্গ আৰু যুদ্ধ-বিগ্ৰহৰ অভিজ্ঞতায়ো সাহিত্যক নানা সঁজুলি