পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

সাহিত্যৰ সমস্যা

 অসমীয়া সাহিত্যৰ বৰ্ত্তমান অৱস্থালৈ চালে তাক সন্তোষজনক বুলি নোৱাৰি। ব্যক্তিগত প্ৰতিভা আৰু ক্ষমতাৰ বাহিৰেও পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত সাহিত্যৰ বিকাশ অনেক পৰিমাণে নিৰ্ভৰ কৰে৷ জীৱনৰ অভিজ্ঞতাৰ লগত সাহিত্যৰ অতি ঘনিষ্ঠ সম্বন্ধ। অভিজ্ঞতা গাম্ভীৰ্য্য আৰু বৈচিত্ৰ নহ’লে সজীৱ স্পন্দনপুৰ্ণ সাহিত্য সৃষ্টি হ’ব নোৱাৰে। বাস্তৱতে সাহিত্য এটা বিৰাট অভিজ্ঞতা। ব্যক্তিগত আৰু সামাজিক সকলো প্ৰকাৰ অভিজ্ঞতাৰ প্ৰকাশ-থল হৈছে সাহিত্য৷ মহাকবি গ্যঠেই তেওঁৰ মৃত্যুৰ অলপ আগেয়ে লিখা এখন ৰচনা তেওঁৰ সম-সাময়িক জাৰ্মান কবিসকলক এই অভিজ্ঞতাৰ গাম্ভীৰ্য্য বিষয়েই উপদেশ দিছিল। অকল কাব্য সাহিত্যতে নহয়, সাহিত্যৰ সকলো বিভাগতে অভিজ্ঞতা সঞ্জীৱনী শক্তিৰ আৱশ্যক। আধুনিক য়ুৰোপীয় সাহিত্যৰ অভিব্যক্তি আলোচনা কৰোঁতেও জাৰ্মান মনীষী ডিলঠায়ে এই জীৱন-অভিজ্ঞতাৰ প্ৰভাৱৰ ওপৰত ভৰ দিছে। বাস্তৱতে মানসিক, আধ্যাত্মিক, সামাজিক, ৰাজনৈতিক, ব্যক্তিগত—এনে কোনো অভিজ্ঞতা নাই যি সাহিত্যৰ অন্তৰঙ্গ হোৱা নাই। সপোনৰ ছয়া-ময়া অভিজ্ঞতাও সাহিত্যৰ আকৰ্ষণ-শক্তিৰ বশ হৈছে।

 কাৰ্লাইলে এঠাইত কৈছে যে, সাহিত্য চিন্তাশীলৰ চিন্তা। কি এই চিন্তাৰো যোগান ধৰে জীৱনৰ অভিজ্ঞতাই। উনৈশ শতিকাৰ প্ৰথম ভাগত ইংলণ্ডত যি বিৰাট সামাজিক পুনৰ্গঠন হৈছিল, তাৰ আলম লৈহে কাৰ্লাইলৰ চিন্তা বিকশিত হ’ব পাৰিছিল। আন এক