পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
সত্যনাথ বৰা

দীঘল জীৱনটো মোৰ কিয় অসুখ-আহুকালত গ’ল? সুখ বিচাৰি ফুৰোঁতে কেৱল অসুখহে পাইছিলোঁ। এতিয়া বিচাৰিবলৈ এৰি দিলত সুখ আহি আপুনি দেখা দিলে। আচৰিত বিধান।

 ভাটী বয়স প্ৰিয় বস্তু নহয়। কিয়নো বহুতে ইয়াৰ নামকে শুনিব নোৱাৰে। ই হেনো বেয়া, আহুকালৰ উঁহ, জীয়াতুৰ চাকনৈয়া। হওক, মোক তাকেহে লাগে। উত্ৰাৱল, উদণ্ড, আপদীয়া ডেকা কালতকৈ মোৰ মানত জুৰ, থিৰ, গম্ভীৰ বুঢ়া-কাল এশ গুণে ভাল। এতিয়া কালকেইটা ৰিজাই চাবলৈ শক্তি হৈছে, আৰু ৰিজাই দেখোঁ যে, ল’ৰাকালটো এটা দীঘল সমাজিক, ডেকাকালটো ভুৱা, কেৱল বুঢ়া- কালটোৱেইহে বখানিব লগীয়া কাল। ইয়াত একোৰে উগ্ৰতা নাই। উগ্ৰতা একোৰে ভাল নহয়। উগ্ৰ তিতা আৰু উগ্ৰ মিঠা দুয়ো বিহ। ভাটী বয়স জীৱব জিৰণি কাল। জীৱনৰ মহাযুঁজৰ পাছত জীৱই এতিয়া জিৰণি পায়; আৰু আগে কৰা কামৰ লেখ-জোখ ল’বলৈ, আৰু ভাল বেয়া গমি চাবলৈ আজৰি পায়। ওপজোঁতেই যদি বুঢ়া হৈ উপজিলোঁ হেঁতেন, তেনেহ’লে এতেখিনি যাতনা নাপালোঁহেঁতেন। এতিয়াও গৰাকীত খাটোঁ যেন আগলৈ বুঢ়া কবিহে জনম দিয়ে, যেন উপজিয়েই গৰাকীক চিনি পাও, যেন লোভ-মোহ পিশাচবোৰে মোক চৰাই- লথিয়াই লৈ ফুৰাব নোৱাবে, যেন ডাঙৰ গৰাকীব হাক-বচন নুশুনাৰ বাবে তুঁহ-জুইৰ পোৰণি সহিব নালাগে। কিন্তু তেনেটো হ’ব পাৰে নে? উপজি বুঢ়া হোৱা সাঁথৰত শুনিছোঁ, আচলত নাই। আচল গৰাকী আগতে লুকাই থাকিবই থাকিব, কিলাই সেও কৰিবলৈ তোমাক লোভ-মোহৰ হাতত পেলাই দিবই দিব। কিলত যেতিয়া তুমি লালকাল দিবা, তেতিয়া ওলাই দেখা দিয়ে। ই কেনেকুৱা বিচাৰ