পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
জীৱনৰ শান্তি-পৰ্ব্ব

জুই? যি জুয়ে কেৱল পোৰে, ছাই নকৰে—অনন্ত চট্‌ফটনি, অনন্ত ধৰফৰণি। এবাৰ গমি চোৱা, কি বিষম সমস্যা। কোন ফালে যাম? লোভৰ বাটে গ’লে লুকাই থকা জনৰ জগৰ আৰু তাৰ বাটে গ’লে লোভৰ জগৰ লাগে। মই মাজত পৰি মৰিলোঁ। এনে দোধোৰমোৰত মোক কোনে পেলাই দিছিল? এই অৱস্থাৰ অন্ত আছে বুলি ভবা নাছিলোঁ। কিন্তু– অমৃত বাতৰি—ইয়াৰ অন্ত আছে, এতিয়া শুৱনি পাৰে দেখা দিছে। লুকাই থকা জনৰ খিতাপ কিবা কাৰণত ডাঙৰ হ’ল। লোভ-মোহ তাৰ আগত জঁই পৰিবলৈ ধৰিছে। সিহঁতৰ সেই উদ্বহতি, সেই উদ্ভণ্ডালি নাই। অশান্তিৰ সাগৰত শান্তিময় মাজুলীয়ে দেখা দিছে। আগে লুকাই থকা জনৰ খিতাপ নাজানিছিলোঁ৷ তেওঁ চক্ৰৱৰ্ত্তী ৰজা। আদিৰপৰা সেই ৰজাত শৰণ ল’লে, মই ইমানখিনি দুখ ভুঞ্জিব নালাগিলহেঁতেন। হে শান্তিৰ সঁফুৰা, ইমান দিন কিয় চিনাকি নিদিছিলা? লোভ বা মোহ পিশাচৰ কথা ধৰি অকথাত চলিলে শাস্তি দিছিলা, তেতিয়া তুমি আছা বুলি জানিছিলোঁ, কিন্তু তুমি যে সিহঁতৰ উপৰুৱাল গবাকী, ই কথা নাজানিছিলোঁ, এতিয়া জানিছোঁ এতিয়া বুজিছোঁ। তোমাৰ আশ্ৰয়ত থাকিলে সেই পিশাচহঁতৰ আমনি আহুকালে মোক ছুব নোৱাৰিলেহেঁতেন। এইটো মোৰ জীৱনৰ শান্তি-পৰ্ব্ব। এতিয়া জীৱনত ঢৌ-ধুমুহা নাই। কি সুখৰ কাল! ক’তা? সেই অনন্ত আসোঁৱাহ ক’ত? সেই অনন্ত অসন্তোষ ক’তা? এতিয়া মনৰ সেই টলবলনি নাই, থিৰ সেই উতনুৱালি নাই, গম্ভীৰ, সেই ক’ত-পাম ক’ত-পাম আকাঙ্ক্ষা নাই, নিস্পৃহ। হ’য়ো ভাল, নহয়ো ভাল, এনে ভাব, এনে মতি ক’ৰপৰা উপজিল? আগে নাছিল কিয়?