পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
জীৱনৰ শান্তি-পৰ্ব্ব

ক’বই নোৱাৰোঁ। তাহানি ল’ৰা-কালত ক-খ পঢ়া অৱস্থাত ওজাদেৱে মাৰিছিল। প্ৰথম দিনা মাৰোঁতে ভাবিছিলোঁ এওঁ মোক মাৰিছেহে, মই আজি আইৰ আগত কৈ দিম, আয়ে এওঁক এশিকনি দিব। ককাইটিয়ে বা ভাইটিয়ে মাৰিলে মই আইত গোচৰ দিছিলোঁ, আৰু আয়ে অমুকক কিয় মাৰিছিলি বুলি সিহঁতক মাৰিছিল। আইৰ মাৰ খাই সিহঁতে মোক নমৰা হৈছিল। ওজাদেৱে মৰাতো আয়ে ওজাদেৱক মাৰি দিব বুলি ভাবিছিলোঁ, আৰু সেই বিশ্বাসতে আইত গোচৰ দিছিলোঁ। কিন্তু আয়ে আছোক ওজাদেৱক মাৰক ছাবি, মোকেহে চকু পোন্দাই ধৰিছিল। মোক মৰা বাবে তেখেতে আকৌ ওজাদেৱৰ শলাগহে লৈছিল। মোলৈ আইৰ এনে নিকৰুণ আচৰণ আগে দেখা নাছিলোঁ। মই ভাবিছিলোঁ, ওজাদেও গেৰা ম’হটো যেন শকত, আয়ে ভয় কৰে, এই বাৰ দেউতাক কৈ দিম। ক’লোওঁ, কিন্তু আইতকৈ দেউতাৰ খং চাৰ হ’ল। মই কথাটো ক’বলৈহে পালোঁ, তেখেতে মোক আগৰপৰা ডবিয়াই খেদি দিলে। এইদৰে সিবিলাক কোনো জনৰ ওচৰত মুখ নাপাই সেই দিনাৰেপৰা ওজাদেওৰ মাৰ কিল সহি থাকিবলৈ ধৰিলোঁ। লুকাই থকা জনৰো স্বভাৱটো মোৰ মানত তেনে যেনে লাগিল। তেওঁ লোভ-মোহবিলাকক হাতত এছাৰি দি মোৰ ওপৰত ওজাদেও মেলি দিছিল হ’বলা। সিহঁতে কিলাই মোক তাও কৰিলেও তেওঁ ৰাম হৰি একো নামাতিছিল, গোচৰ দিলেও কাণ নকৰিছিল। ল’ৰা হৈ নুপজিলে এনেবিলাক নিমৰমিয়াল ওজাদেওৰ হাতত পৰিব নালাগিলহেঁতেন। হে আচলজনা, এই শান্তি-পৰ্ব্বৰ যেন ওৰ নপৰে, মোৰ জীৱনৰ ওৰেই যেন ইয়াৰ ওৰ হয়, আকৌ যেন লোভ-মোহৰ ঢৌ-ধুমুহাত পৰিব নালাগে। এই চুটি জীৱনত দীঘল যাতনা যুগুত নই।

সত্যনাথ বৰা