পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিন উচাপ্ খাই সাৰ পাওঁ, যেন মোক বাঘে কি সাপেহে খাবলৈ ধৰিছিল, যেন মই ভয়তে অথিৰ হৈ পৰিছিলোঁ। চোৱাঁচোন, এনেবোৰ ফাং পাতি মোৰ জীৱটোক অকাৰণে ইমান দুখ দিব পায়নে? বাজৰ বৈৰী ভাল, সিহঁতৰ হাতৰপৰা লৰ মাৰি সাৰিব পাৰি। ইহঁত অজামিল। কেতবিলাক জীৱ আছে, সিহঁতে ইহঁতক ভয় নকৰে, ইহঁতৰ লগত সুন্দৰ হৰিল-গৰিল মিতিৰালি কবি সুখে সুকলমে দিন নিয়ায়। সেই জীৱবোৰে ইহঁতৰ কিলক কিল বা চৰক চৰ নেবোলে, সিহঁতৰ মানত সেইবোৰ কেৱল মৰমৰ চোকা চুমা। কোনো কোনো বন্দিয়াৰে বন্দীশাল ভাল পায়, তাৰপৰা উলিয়াই দিলে ওলাই যাবলৈ মান্তি নহয়। এই শ্ৰেণীৰ জীৱবিলাক সেই বন্দিয়াৰবিলাকৰ নিচিনা নেকি? আন জীৱবিলাক যেনেই বা নহওক, মোৰ জীৱটো তেনেকুৱা নহয়, তেনেকুৱা হলে ভাল পালোঁহেঁতেন। মোৰ পক্ষে কিলবোৰ কিল, চুমা নহয়। সেই কিলত মোৰ হাড় জুন্‌জুনীয়া হ’ল।

 লোভ-মোহৰেই বা দোষ কি? সিহঁতৰ কথামতে চলিলেতো সিহঁতে হো-কটাও নোবোলে। সিহঁতৰ মতে চলিব নোৱাৰোঁ কিয়? সেইটো কাৰ দোষ? মোৰ নে আন কাৰোবাৰ? মই কওঁ, মোৰ নহয়, আন এজনৰ, লুকাই থকা এজনৰ দোষ। মই সিহঁতৰ পাছে ধৰিলে লুকাই থকা জনে হাক দিয়ে আৰু কয় হেনো মোক সিহঁতে ভুৰুকিয়াই খালত পেলাবৰ দিহা কৰিছে। এনে কথা শুনিলে ভয় লাগে, ভয় লাগিলেই নাযাওঁ, নগ'লেই কিল–আসোঁৱাহ অশান্তি। কেতিয়াবা লুকাই থকা জনৰ হাকলৈ আওকাণ কৰি যাওঁ, তেতিয়া কিন্তু কথা আৰু টান হয়। লোভ-মোহৰ শাস্তি সচিব পাৰি, কিন্তু লুকাই থকা জনৰ শাস্তি সহিবলৈ টান। তাৰ শাস্তি জুই। কেনে