পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
জীৱনৰ শান্তি-পৰ্ব্ব

কপট-কূৰ্চ্চুট আদি নিদাৰুণ প্ৰবৃত্তিবোৰে মনত যে কিমান অসোঁৱাহ- আহুকাল, অসুখ-অশান্তি লগাই অছিল তাৰ লেখ দিবলৈ টান। একোবাৰ ভাবিছিলোঁ, নুপজিলেই ভাল আছিল। কিন্তু ওপছনত মোৰ হাত নাই। কিয় উপজিলে ক’ব নোৱাৰোঁ। উপজিলোঁতো উপজিলোঁৱেই, অকলশৰে ওপজাহেঁতেন। ইমানখিনি অনুশোচৰ হেতু নাথাকিলহেঁতেন; মোৰ লগতে আকৌ উপজিল সেই পিশাচ ছটা। সিহঁত মোৰ লগতে ডাঙৰ-দীঘল হ’ল। সিহঁতে মোতে শিকিলে, মোতে বিকিলে, মোৰে খাৱ, মোৰেই অৰি হয়। ল’ৰাকালত সিহঁতে মোৰ ওপৰত যিমান উদ্বহতি কৰিলে মেয়ে জোৰে, ডেকা কালত আকৌ চাৰি গুণে চৰিল। মই সৰু হৈ থকাত সিহঁতো সৰু আছিল, তেতিয়া সিহঁতব বিহ-দাঁত গজা নাছিল। খং আছিল খন্তেকীয়া, হিংসা মাথোন দুদিনীয়া, কূৰ্চ্চুট-কপটৰ চকুৱেই ফুকুৱা নাছিল। তেতিয়াও সিহঁতে অশান্তি কৰিছিল, কিন্তু সেই অশান্তি চেলাপেটা জোকৰ নিচিনা লেপেট খাই ধৰা বিধৰ নাছিল। তেতিয়া সিহঁত অনুৰূপীয়া বৈৰী, ডাঙৰ হানি কৰিব নোৱাৰিছিল। সিহঁতৰ শান্তিৰ ভিতৰত চিকুট-বাকোঁহেই সাৰ আছিল। মই ভাবিছিলোঁ মই ডেকা বয়সত সোমালে সিহঁতব উদ্বহতি অত্যাচাৰ কমি যাব। কিন্তু সেইটো মোৰ ভুল। মোৰ লগতে সিহঁতে ডেকা হৈ উঠিল, আৰু গাত দুগুণ বল বান্ধিলে। তেতিয়াহে সিহঁতৰ উদ্ভণ্ডালি বেছি হ’ল। আগেয়ে সিহঁত নিশাটো শাঁত হৈ আছিল। এতিয়া দিন- নিশাৰ ছেদ-ভেদ গুচিল। নিশ৷ মোৰ টোপনি আহে, সিহঁতৰ নাহে, মোক শাস্তি দিবলৈ সিহঁত গোটেইটো ৰাতি সাৰে থাকে। সমাজিকত- নো সিহঁতে মোক কোনটো শাস্তি দিবলৈ বাকী এৰিছে? একো