পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
সত্যনাথ বৰা

 মোৰ জীৱটোও এইদবে ঢৌত পৰিছিল। নৈৰ ঢৌ সামান্য, মোৰ জীৱটো যি ঢৌত পৰিছিল, তাৰ লগত ৰিজালে সেই ঢৌ লেখত ধৰিব লগীয়া নহয়। লোভ-মোহকে আদি কৰি ছটা পিশাচে মোক জীৱনৰ আদিতে লগ ধৰিলে, লগ ধৰি যিটো প্ৰলয়-ধুমুহা তুলি দিলে, মন-সাগৰত একেবাৰে তোলপাৰ লাগি গ’ল। একো একো ঢৌ হিমালয়-সদৃশ; তাৰ গৰ্জন, তাৰ আস্ফালন দেখি জীৱ ভয়ত বিতত হৈ পৰিল। ঢৌৰ কোবত সি এবাৰ হাম্‌খুৰি খাই পৰে, এবাৰ চিত হৈ পৰে, এবাব সিমূৰলৈ বাগৰি যায়, এবাৰ ইমূৰলৈ বাগবি আহে। এইদৰে নিকৰুণ পিশাচকেইটাই মোৰ নিমাখিত, নিছলা জীৱটোক জুলকি- জুলুকিকৈ শিকালে। মই যদি মানুহৰ পোৱালি হওঁ, ই শিকনি মই কেতিয়াও নাপাহৰোঁ৷ সিহঁতব কিল, টাঙন, সিহঁতৰ চৰ খকৰামুকুটি পাহৰিব লগীয়া বস্তু নহয়। সিহঁতে মোক কি নকৰিলে! সিহঁতৰ চমতাৰ কোব, সিহঁতৰ বা-বাঁহৰ চেপা, ইপুৰীৰ কথাকে নকওঁ, সিপুৰীত যে পাহৰিম, এনে কথাও হ’ব নোৱাৰে। উপজিবৰ দিন ধৰি এই শাস্তি, উপজিবৰ দিন ধৰি এই ধুমুহা। সাগৰৰ পাৰৰ বালিৰ নিচিনা। দিনে- নিশাই ঢৌৰ ধুপালনি, মুকলি বকৰাণিৰ গছৰ নিচিনা ধুমুহাৰ মোহৰণি খাওঁতে খাওঁতে মোৰ জীৱ লালকাল দিলে। জীৱ যায় যেন পাইছিলোঁ কিন্তু এনে জীৱ যে সি সেইবোৰ সহিও জীয়াই আছে। এনেকুৱা ধুমুহাত পৰি কক্‌বকাই ফুৰাতকৈ ডিঙা বুৰি সাগবত পৰাও ভাল। সাগৰৰ ঢৌৱে হয় একেবাৰে সাং কৰে, নাইবা কোবাই নি তোমাক পাৰত লগাই দিয়ে। কিন্তু মন-সাগৰৰ ঢৌ তেনে নহয়। ই জীউ নামাৰে, পাৰতো লগাই নিদিয়ে, কেৱল তাৰপৰা কোবাই ত’লৈ নিয়ে আৰু তাৰপৰা কোবাই অ’লৈ আনে। উপজি পৰিবৰপৰা খং-খিয়াল,