পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জীৱনৰ শান্তি-পৰ্ব্ব

 সিপাৰলৈ যাওঁ বুলি নাও মেলিলোঁ। পাৰ এৰিলতে বতাহৰ আগ পেলালে। ভাবিছিলোঁ ই কুৰুৱা বতাহ, নাবাটে, আৰু বাঢ়িলেও, নৌ বাঢ়িবলৈ পাওঁতেই সিপাব চাপিমগৈ। নৈ বৰ বহল, ইপাৰৰ- পৰা সিপাৰলৈ মনিব নোৱাবি। বতাহ জনুক্ৰমে ডাঙৰ হ’বলৈ ধৰিলে। নৈৰ পানীৰো নাচন উঠিল। জয়জয়তে সৰু-ফুটীয়া ঢৌ উঠি নাৱেৰে সৈতে ধেমালি পাতিলে। পিছত বতাহৰ বেগ টান হ’ল, নাৱৰপৰাই মানুহ উৰুৱাব খোজে। নৈও একেবাৰে উদ্বাউল হৈ পৰিল। সৰু- ফুটীয়া ঢৌব কলেৱৰ ডাঙৰ হ’ল, আৰু একোটা টিলা পৰ্ব্বতৰ মূৰ্ত্তি ধৰি সোহাই খেদি আহিবলৈ ধৰিলে। নাৱে শেহত থৰ্-কাছুটি এৰিলে, এবাৰ আকাশলৈ উঠে, এবাৰ পাতাললৈ যায়, আৰু ঢৌৰ টিঙত উঠি নৈৰ ৰেহ-ৰূপ চায়। বতাহৰ গোঁজৰণি, নৈৰ খলকনি, আৰু নাৱৰ নাচনে এক প্ৰলয় মিলাই দিলে। মই তেতিয়া কি কৰিছিলোঁ, মনত নপবে, কেৱল মাত পৰে নাওখন আৰু নৈখন। নৈখন যেন এখন জুই লগা হাবিয়নি, আৰু নাওখন যেন ফেঁচু চৰাইহে। হাবিয়নিত জুই লাগিলে ফেঁচুৰ ৰঙৰ সীমা নাই। সি বলিয়া হৈ পৰে আৰু জুইৰ ওপৰে নাচি ফুৰে। আমাৰ নাওখনো যেন ঢৌৰ ওপৰে নাচি হে ফুৰিছে। এইদৰে কিমান পৰ আছিল ক’ব নোৱাৰোঁ৷ তেতিয়া এযুগ যেন লাগিছিল। কিবা কাৰণত বতাহে শাম কাটিলে। কিন্তু নৈৰ খলকনি আৰু নাৱৰ ঢোলোকনি ভালেমান পৰলৈকে আছিল। অৱশেষত ঢৌও সৰু হ’ল, নাৱো থিৰ হ’ল, আৰু আমিও শান্তি পালোঁ।