পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
পদ্মনাথ গোহাঞি বৰুৱা

ততালিকে আগবাঢ়িলে; ৰাজচক্ৰৱৰ্ত্তী মহাৰজাৰ অতুলনীয় বাজ- পৰিচ্ছদ পৰিত্যাগ কৰি তেওঁ অনতিপলমে জাকজমকতাশূন্য বৈৰাগীৰ উকা সামান্য সাজ পৰিধান কৰিলে। অগ্ৰজৰ আৰ্হিৰে অনুজ চাৰি পাণ্ডৱেও নিজ নিজ বিশেষত্ব ৰাখি বনচাৰীৰ বেশ ধাৰণ কৰিলে। সদৌশেষত, কৃষ্ণক চিন্তি কৃষ্ণ-আবাধিকা পাণ্ডৱ-কুঁৱৰী কৃষ্ণা-দ্ৰৌপদীয়ে ভাৰতৰ সাব্বভৌম ভূপতিব পত্নী ভাৰতেশ্বৰী পটেশ্বৰীৰ দেৱতাদুৰ্ল্লভ ৰত্নময় বেশভূষা সানন্দে সলাই বনচাৰিণীৰ সামান্য সাজেৰে স্বামীসকলৰ অনুগামিনী হবলৈ আগ বাঢ়িলে।

 ধৰ্ম্মায়া বিদুৰৰ অনুৰোধত নাবালক পঞ্চপাণ্ডৱনন্দনক বৃদ্ধা পাণ্ডৱ- জননী কুন্তীদেৱীৰে সৈতে তেওঁৰ আশ্ৰয়তে থৈ দ্ৰৌপদীৰে সৈতে পঞ্চপাণ্ডৱ বনলৈ গ’ল, ইফালে হস্তিনাপুৰ হাহাকাৰ-ধ্বনি ইন্দ্ৰপ্ৰস্থ পাৰ হৈ দ্বাৰাৱতীত প্ৰতিধ্বনিত হ’লগৈ। এই দুই ৰাজ্য প্ৰমুখ্যে অন্যান্য ৰাজ্যৰ ৰজা-প্ৰজা যেয়ে যিমানলৈকে শুনিলে, সেয়ে সিমানৰ পৰা আহি বনগামী পাণ্ডৱক যেয়ে য’তে লগ পালেহি, সেয়ে ত’তে নিজ নিজ সংবেদন, সহানুভূতি আৰু মঙ্গলকামনা জ্ঞাপন কৰিলেহি। সেই ছেগতে অৰ্জ্জুন-সখি শ্ৰীকৃষ্ণ প্ৰমুখ্যে পাণ্ডৱ-অনুৰাগী যাদৱসকলে দ্বাৰকাৰপৰা মহাবনলৈ যাত্ৰা কৰি সপত্নীক পাণ্ডৱক বনাশ্ৰমত সাক্ষাৎ কৰিলেগৈ। ইতিক্ষণত যাদৱবৰ্গ, পাঞ্চাল জ্ঞাতিবৰ্গ, চেৰি-দেশাধিপতি ধৃষ্টকেতু, মহাবীৰ্য্য কৈকেয় প্ৰমুখ্যে ধৰ্ম্ম-যুধিষ্ঠিৰৰ ফলীয়া অলেখ যাত্ৰীৰ দ্বাৰাই পৰিৱেটিত হৈ, ভগৱান শ্ৰীকৃষ্ণদেৱে অতি দীনমনেৰে ধৰ্ম্মৰাজ যুধিষ্ঠিৰক এই বুলি প্ৰবোধ দিবলৈ ধৰিলে—“হে ধৰ্ম্মৰাজ! ধুৰূপ্ মানিব যে, পৃথিৱীয়ে অৱশ্যে দুৰাত্মা দুৰ্য্যোধন, কৰ্ণ, শকুনি আৰু দুঃশাসন এই দুষ্টাচাৰীৰ অনতিপলমে তেজ পিব! আমিও এই দৰ্ম্মতিগণক