পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
পাণ্ডৱব বনবাসত শ্ৰীকৃষ্ণ

সিবিলাকৰ এই প্ৰমাদৰ বাতৰি পোৱা মাত্ৰকে পাণ্ডব-বান্ধৱ শ্ৰীকৃষ্ণ আহি ইন্দ্ৰপ্ৰস্থত অনতিপলমে উপস্থিত হ’বহি। গতিকে, কৃষ্ণ-বলত বলী হৈ এইবাব পাণ্ডৱে কৌৰৱৰ কঠীয়া মাৰিহে এবিব। সম্প্ৰতি এজন দুৰ্জ্জয় শত্ৰুৰে সৈতে ঘোৰতৰ ৰণত লাগি থকাৰ বাবেহে শ্ৰীকৃষ্ণ নিলগত আছে। শকুনিৰ ভয়ঙ্কৰ বৰ্ণনাত বিচলিত হৈ দুৰ্ব্বলচিতীয়া অন্ধৰাজ ভয়ত কঁপিবলৈ ধৰিলে। তেওঁ কৌৰৱ-পাণ্ডৱ কু-মন্ত্ৰী শকুনিৰ পৰামৰ্শ- মতে ততাতৈয়াকৈ এই সিদ্ধান্তত উপস্থিত হ’ল যে, পাণ্ডৱক আদবাটৰ পৰা ঘূৰাই মতাই আনি পুনৰপি পাশা-পণত বহিবলৈ বাধ্য কৰোৱা হওক। কণা ধৃতৰাষ্ট্ৰক দত্তাপহৰণ-পাপৰপৰা মুক্ত ৰাখিব অভিপ্ৰায়ে আগৰবাৰৰ পণ তল পেলাই এইবাব পণ এইবুলি ধাৰ্য্য কবা হ’ল যে, পাশাত ঘাটিলে পঞ্চ পাণ্ডৱে বাৰ-বছৰ বনবাস খাটিব লাগিব, আৰু ওপৰঞ্চি এবছৰ অজ্ঞাতবাসত কটাব লাগিব, যদিস্যাৎ শেহৰ বছৰত সিবিলাকৰ কোনোজন কেনেবাকৈ জনাজাত হয়, তেন্তে পুনৰপি আৰু তেৰ বছৰ পাণ্ডৱে বনবাস খাটিব লগীয়া হব। পণত জয়ী হোৱাজন সেই কালৰ নিমিত্তে পাণ্ডৱৰ ৰাজ-সম্পত্তিৰ গৰাকী হ’ব। তাৰ পাছত, কাৰ ৰাজ্য কোনে পায়, তাৰ বিচাৰ কৰা যাব। এই অসৎ অভিসন্ধিৰে প্ৰতিকামীক ত্বৰিতকৈ পঠিয়াই, বৃদ্ধ ৰজা ধৃতৰাষ্ট্ৰৰ আজ্ঞা অনুসৰি পঞ্চপাণ্ডৱক আদ্‌বাটৰপৰা ওলটাই মতাই অনোৱা হ’য়। তাৰ পাছত, অভিপ্ৰেত পাশা পণত ধৰ্ম্মৰাজ যুধিষ্ঠিৰক পুনৰ্ব্বাৰ নিয়োগ কৰোৱা হয়। পূৰ্ব্বৱত দুৰ্ম্মতি দুৰ্য্যোধনৰ হৈ যাদুকৰ শকুনিৰে সৈতে পাশতিৰ দ্যূতক্ৰীড়া আৰম্ভ হ’ল, আৰু পুনৰপি ধৰ্ম্মৰ পৰাজয় ঘটিল! ধৰ্মিষ্ঠা গান্ধাৰীদেৱীৰ অশেষ কাকুতি-মিনতি, সকলো অথলে গ’ল।

 নিৰ্জ্জু ধৰ্ম্মপ্ৰাণ ধৰ্ম্মৰাজা যুধিষ্ঠিৰে দ্বিৰুক্তি নকৰি বনবাস খাটিবলৈ