পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
পাণ্ডৱৰ বনবাসত শ্ৰীকৃষ্ণ

সবান্ধৱে নিপাত কৰি আপোনাক পুনৰপি ধৰ্ম্মৰাজ্যত অভিষেক কৰিহে এৰিম। কিনো ক’ম, মহাৰাজ! যি লোক ঘৃণিত লোকৰ অনুগামী হয়, সিও বধ্য—এয়ে সনাতন ধৰ্ম্ম।” বিপদবন্ধু মাধৱক সাক্ষাততে পাই, দ্ৰৌপদীয়েও কৃষ্ণ-স্তুতিব সোঁত দুধাৰি চকু লোৱেদি বোৱাই এই বুলি বিনাবলৈ ধৰিলে,-“হে মধুসূদন! মই পাণ্ডৱৰ সহধৰ্মিণী ধ্ৰুপদৰাজৰ দুহিতা, ধৃষ্টদ্যুম্নৰ সহোদৰ আৰু তোমাৰ কৃষ্ণাসখী হৈও কৌৰৱ ৰাজসভাত যি অৱস্থাত যিভাৱে লাঞ্ছিত হ’ব লগীয়াত পৰিলোঁ তাক বৰ্ণাবলৈ মোৰ মুখত কথা নোলায়! হে কৃষ্ণ! মই মোৰ মহাবল স্বামীগণক বাধ্য হৈ নিন্দা কৰোঁ যে, সিবিলাকে আগতে থাকিও মোৰ অকথন নিৰ্য্যাতনৰ তৰ্পণ নকৰিলে! মহাবল ভীমসেনৰ বাহুবল আৰু মহাৰথ অৰ্জ্জুন গাণ্ডৱীক ধিক্ যে, মোক সেই তুচ্ছজনৰ দ্বাৰাই অপমানিত হোৱা দেখিও সহি থাকিল! হে মাধৱ! সনাতন ধৰ্ম্মৰ পূৰ্ব্বাপৰ প্ৰচলিত নীতি অনুসৰি ভৰ্ত্তা ক্ষীণবল হ’লেও ভাৰ্য্যাক ৰক্ষা কৰিব লাগে। কিয়নো, ভাৰ্য্যা ৰক্ষিতা হ’লেহে প্ৰজাৰ ৰক্ষা হয়, প্ৰজা ৰক্ষিত হ’লে হে আত্মাৰ ৰক্ষা হয়; আত্মাই ভাৰ্য্যাৰ গৰ্ভত জন্ম পৰিগ্ৰহ কৰে বুলিয়েই ভাৰ্য্যা মানে জায়া হৈছে। হে দৈৱকী- নন্দন! যুধিষ্ঠিৰবপৰা প্ৰতিবিন্ধ্যা, ভীমসেনৰপৰা সুতসোম, অৰ্জ্জুনৰ- পবা শ্ৰুতকীৰ্তি, নকুলৰপৰা শতানিক আৰু সহদেৱবপৰা শ্ৰুতকৰ্ম্মা এই পঞ্চপুত্ৰই পঞ্চপতিৰ ঔৰসত মোৰ গৰ্ভত জন্মগ্ৰহণ কবে; সিহঁত নাবালক নোহোৱা হ’লে কিজানি কি নকৰিলেহেঁতেন আজি! মোৰ এফেৰি সৌভাগ্য যে, হে হৰি! তোমাক স্মৰণ কৰি সেই নিৰ্য্যাতনৰ- পৰা নিষ্কৃতি পালোঁ।”

 কৃষ্ণা-দ্ৰৌপদীদেৱীক বিস্তৰ সাধু সান্ত্বনা দি উঠি, শ্ৰীকৃষ্ণদেৱে