পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাণ্ডৱৰ বনবাসত শ্ৰীকৃষ্ণ

 কৃষ্ণ-আৰাধিকা ধৰ্ম্মপৰায়ণা পাণ্ডৱ-পত্নী কৃষ্ণা-দ্ৰোপদীৰ কৃষ্ণ- স্তুতিত তন্ময় হৈ অন্ধৰাজ ধৃতৰাষ্ট্ৰই দান দিয়া বৰ-অনুসৰি, পাশাৰ পণত হেৰোৱা নিজৰ আৰু চাৰি-ভায়েকব স্বাধীনতা আৰু সমস্ত ঐশ্বৰ্য্য-বিভূতিৰে সৈতে ধৰ্ম্মৰাজ যুধিষ্ঠিৰে স্বৰাজ্য ঘূৰাই পালে। তাৰ পাছত পিতৃব্য অন্ধৰাজ ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ ধৰ্ম্মনিষ্ঠা পত্নী গান্ধাৰী ৰাণীৰ চৰণত বিদাৰ গ্ৰহণ কৰি, প্ৰিয়ভাৰ্য্যা দ্ৰৌপদীৰে সৈতে পঞ্চ- পাণ্ডৱে স্বৰাজ্য ইন্দ্ৰপ্ৰস্থলৈ প্ৰত্যাগমন কৰিলে।

 ইফালে পাণ্ডৱ উলটিছে, সিকালে কুট-মন্ত্ৰী শকুনিৰ মন্ত্ৰণামতে দুৰ্ম্মতি দুৰ্য্যোধনে আকৌ অন্ধৰাজৰ মত লুটিয়াবৰ উদ্দেশে তেওঁৰ কাষ চাপিলেগৈ। হতাশ দুৰ্য্যোধনক উন্মাদ কৰি আগ বঢ়াই দি, কুট্-তৰ্কী শকুনিয়ে নানা ভয়-ভঙ্গীৰ বৰ্ণনাৰে সৈতে হোজা অন্ধৰাজক কূট-বুজনি দিবলৈ ধৰিলে। শেহান্তৰত যেতিয়া ধৃৃতৰাষ্ট্ৰৰ মনত এই ধাৰণা বহুৱাই দিয়া হ’ল যে, নিজৰ দুৰ্বুদ্ধি আৰু অবিবেচনাৰ কাৰ্য্যৰ ফল-স্বৰূপে নিজে যে সৰ্বস্বান্ত হৈ মৰিবই, তেওঁৰ পুত্ৰ-পৰিয়াল আৰু আত্মীয়-কুটুম্বাদিৰ দুৰ্গতিৰ সীমা নাথাকিব। জালত ধৰি বন্দী কৰা লিংক স্বহাতে মোকোলাই দিয়াৰ দৰে পাশা-জালেৰে বন্দী কৰা পাণ্ডৱ-সিংহক তেওঁ মুক্তি দিয়াত, এতিয়া পাণ্ডৱে উলটি তেওঁৰ সৰ্ব্বনাশ কৰিব। কিয়নো, পঞ্চপাণ্ডৱে, বিশেষকৈ ভীমাৰ্জ্জুনে, অপমানত যি সন্তাপ পাই গৈছে, ততোধিক প্ৰিয়ভাৰ্য্যা দ্ৰৌপদীৰ অপমানত যিদৰে অপমানিত হৈছে, তাক সিবিলাকে কেতিয়াও পাহৰিব নোৱাৰে। তাৰ উপৰি,