পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
মিলাৰামৰ আত্মজীৱনী

গ’ল। দেউতাই পুলিচক লৈ গৈ দলনিৰপৰা শটো উলিয়াই হিয়া- মূৰ ভুকুৱাই কান্দোনা-কাটোন লগাই দিলে। শেহত বিচাৰত মোকৰ্দ্দমা গোটেই মিছা প্ৰমাণ হ’লত গোঁসাই জানিবা মুকলি হ’ল। কিন্তু পিতাদেউৰ বিষয়ে দয়ালু হাকিমে গুণি-গপি চাই ইয়াকে পালে যে তেওঁৰ এটা দিহা নকৰিলে, হিংসক আৰু বলৱন্ত গোসাঁয়ে সদায় তেওঁৰ নামে চৰকাৰৰ ঘৰত কূট-নাট লগাই থাকিব। এই বিমৰিষ কৰি ধৰ্ম্মাৱতাৰে পিতাদেউক অন্ততঃ তিনি বছৰৰ নিমিত্তে বৰফাটেকৰ ভিতৰত ঠাই দি নিৰাপদ কৰি খিয়লীয়া গোসাঁইক “জব্দ” কবি থ’লে।

 এই গ’ল পিতাদেৱৰ চৰিত্ৰ। পিতাদেউৰ পাছত কোন? —কোন?—কোন? ময়ে হবলা? হয়। এইবাৰ বুঢ়া গা পালেহি। অ, মোৰ নিজৰ জীৱন-চৰিত্ৰ লেখিবলৈহে আদিতে কাপ ধৰিছিলো? কি ভুল! মোৰ নিজৰ দেখোন একোকে লিখা নহ’ল। নহ’ল নাই, দিনে যোৱা নাই!

লক্ষীনাথ বেজবৰুৱা