পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
লক্ষ্মীনাথ বেজবৰুৱা

দেউতাই পুনৰ সুধিলে, “কৰিবি?” মইও বুকু ফিন্দাই পুনৰ ক’লো, “কৰিম দেউতা।” দেউতাই ক’লে, “মই তেনেহ’লে এতিয়া নিশ্চিন্ত হৈ সুখেৰে মৰোঁ।” মই ক’লো, “দেউতা মৰিব পাবে, মোব কোনো আপত্তি নাই।” এই কথা শুনি দেউতাই চকু মুদিলে। সেইদিনাৰপৰা মই অলপ-অচৰপ লেখা-পঢ়াত মন দিলোঁ।

 গৰুৰ কাষৰপৰা চিকৰা-খোৱা গৰু-বগ নুগুচাদি মোৰ দেউতাৰ কাষৰ পৰা গুচৰীয়া-পদকীয়া নুগুচিছিল। আৰু মোকৰ্দ্দমা সাজি দিছে, তাক জবাব-চৱাল শিকাইছে, আৰু সাক্ষীক শিকনি দিছে, তাৰ হৈ উকীল-মুক্তিয়াৰ ধৰি দিছে, এনেবিলাক পৰোপকাৰ কৰিয়েই তেওঁ কাল কটাইছিল।

 তেওঁৰ জীৱনৰ এটা ডাঙৰ ঘটনাৰ উল্লেখ কৰিয়েই আজিলৈ আমি মেলানি মাগিম। এবাৰ তেওঁৰে আৰু তেওঁৰ গোসাঁইৰে কিবা কথাত লাগি মনান্তৰ হয়। “বাৰু তুমি কেনে গোসাঁই মই দেখুৱাম” বুলি মোব পিতাল পিতাদেউতাই গোসাঁইৰ নামে এটা ফৌজদাৰী মোকৰ্দ্দমা গজগজীয়াকৈ থিয় কৰি দিলে। এদিন দেউতাই খবৰ পালে যে ওচৰৰে এখন গাঁৱত অমুক দিনা অমুকৰ ঘৰৰ এজনী মৰা ছোৱালী অমুক ঠাইতে পুতি থৈছে। ইন্দ্ৰদ্যুম্ন ৰজাই জগন্নাথৰ প্ৰতিমা সাজিবলৈ নিমকাঠ বিচাৰি অকলৈ কান্ধত কুঠাৰ লৈ যোৱাদি ৰাতিয়েই পিতাদেৱে কান্ধত কোৰ লৈ অকলৈ সেই মৰা শটো খানি আনি, গোঁসাই প্ৰভুৰ ঘৰৰ ওচৰৰে এখন বিলৰ দলনিৰ তলত সুমাই থৈ, পুলিচত খবৰ দিলেগৈ, যে অমুক গোসাঁয়ে এনে তেনে কথা লাগি, মোৰ ভনী ছোৱালীজনী খুন কৰি “লাচটো” ক’ৰবাত লুকাই পেলালে। এই বাতৰিত হুলস্থুল কাণ্ড লাগিল, আৰু গুৰু হাজোতলৈ