পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
মিলাৰামৰ আত্ম-জীৱনী

এজনী হেনো তেওঁৰ ভাই-বোৱাৰী। শেহত এজনী তিৰোতাৰ হাতত তেওঁৰ মৰণ মিলে। মোব ককাদেউতা বীৰৰ সাজেৰে, বীৰবাহুৰ নিচিনাকৈ সমুখ সবত পৰি স্বৰ্গপুৰীলৈ গ’ল।

 মোৰ পিতাদেও অতি ওখ খাপৰ লোক আছিল। তেওঁৰ নিচিনা সাহ-পিতৰ লোক অসমত আৰু এটি নাছিল। তেওঁ অকালত, অসমৰ বেলিক দিন দুপৰতে বাহুৰ হাতত দি অক্ষয় স্বৰ্গলৈ গতি কৰিলে। ( অলপমান চকুৰ পানী ওলাইছে যেন পাওঁ, পাঠকসকল, আপোনা- -সকলৰ অনুমতি লৈ টুক্তি পেলোৱা যাওক)-মোৰ পিতৃ-পুৰুষৰ বুদ্ধিটো অতি চোকা আছিল বুলি মই ওপৰত কৈ আহিব পাওঁ? নাই কোৱা যদি এই খিনিতে কওঁ। তেওঁব বুদ্ধিটো আইন-কানুন গোচৰ- ফৰিয়াদিত বৰকৈ খেলিছিল। অৱশ্যে তেওঁৰ গাত উকীল-মুক্তিয়াৰৰ বাব-চাব যে কিবা আছিল এনে নহয়। তথাপি দিনটোত কুৰি- ছঅঁবা গোচৰ-ফৰিয়াদ তেওঁৰ গাৰপৰা নুগুচিছিল। অথচ ইফালে বুদ্ধাক্ষৰ “ক”টোৰ চুক সাতোটা নে পাঁচোটা তেওঁ মৰিবৰ দিনালৈকে ভাবি একো এটা থিৰ মীমাংসা কৰিব নোৱাৰিছিল। মৰিবৰ সময়ত তেওঁ মোক ওচৰলৈ মাতি নি ক’লে, “বোপা মিলাই ঔ!” মই ওচৰ চাপি আহি উত্তৰ দিলোঁ, “দেউতা কি কৈছে? তেওঁ ক’লে, “বোপা মোৰ এটা কথা মনত গ’ল। মই কলোঁ, “দেউতা সেইটো কি কথা কওক, মই তাক সিদ্ধি কৰিম।” তেওঁ ক'লে, “বোপাই মই ‘ক’টোৰ চক সাতোটা নে পাঁচোটা, জীৱনত ভাবি থিৰ কৰিব নোৱাৰিলোঁ। মই ক’লোঁ, “দেউতা মই সেইটো থিৰ কৰিম। দেউতাই ক’লে, “কৰিবি?” মই ক’লো, “কৰিম দেউতা।” দেউতাই আকৌ সুধিলে “কৰিবি?” মই ক’লো “কৰিম।”