পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৬৮   শ্ৰীবিজয়চন্দ্ৰ ভাগৱতী

সমৰ্থন কৰে। গান্ধীজী ডাঙৰ যন্ত্ৰ-শিল্পৰ বিৰোধী; কিয়নো ডাঙৰ যন্ত্ৰ- শিল্পৰ অৰ্থ হৈছে কেন্দ্ৰীভূত শিল্প। একে ঠাইতে থুপ খুৱাই কৰিলে ডাঙৰ বস্ত্ৰ-শিল্পৰ সুবিধা হয়। বিক্ষিপ্তভাৱে গাঁৱে-ভুঁয়ে এনে শিল্প প্ৰতিষ্ঠা কৰা সম্ভৱ নহয়। কিন্তু কেন্দ্ৰীভূত ডাঙৰ যন্ত্ৰ- শিল্পৰপৰা যথেষ্ট অশান্তি আৰু অসুবিধাৰ সৃষ্টি হৈছে। সৰু-সুৰা শিল্পবিলাক ধ্বংস কৰিয়েই যন্ত্ৰ-শিল্পৰ প্ৰতিষ্ঠা। ইংলেণ্ড দেশত শিল্প আৰু যন্ত্ৰ-বিপ্লৱৰ ফলত গাওঁবিলাক আৰু গাৱঁৰ কৃষি-শিল্প ধ্বংস হ’ল। গাওঁবিলাক ভাগি ডাঙৰ ডাঙৰ ফেক্টৰী-নগৰ’ বিলাক গঢ় লৈ উঠিল। কুটীৰ-শিল্প আৰু খেতি বাতি কৰি খোৱা মানুহবিলাক নিবনুৱা হৈ পৰাত বাধ্য হৈ ফেক্টৰীত বনুৱা সোমাব লগা হ'ল। ফেক্টৰী-নগৰবিলাকত লাখ লাখ, বনুৱা ভৰি পৰিল। তেওঁলোকে তাত উশাহ নোপাৱা হ'ল। কাৰ্লাইলে ‘চিম্ নিৰ সভ্যতা' নামেৰে ইয়াক অভিহিত কৰিলে। গাৱঁৰ মুকলি পথাৰ, সেই মুকলিমূৰীয়া স্বাধীন ব্যৱসায়, গাৱঁলীয়া খেতিয়ক আৰু শিল্পীসকলে হেৰুৱালে। পুঁজিপতিসকলে তেওঁলোকক গোলাম খটুৱাদি খটুৱাবলৈ ধৰিলে। নিজৰ আগৰ হাতৰ বিদ্যাবিলাক লোপ পোৱাত পুঁজিপতিয়ে অনুগ্ৰহ কৰি দিয়া দৰমহাত তেওঁলোকে বনুৱা খাটিবলৈ বাধ্য হ’ল। গান্ধীবাদীসকলৰ মতে পুঁজিবাদী ব্যৱস্থাৰ ঠাইত সাম্যবাদী ব্যৱস্থা প্ৰৱৰ্তন হ'লেও যন্ত্ৰ-শিল্পৰ আসোঁৱাহবিলাক দূৰ নহয়। সাম্যবাদত পুঁজিপতিৰ ঠাইত বনুৱা বা ৰাষ্ট্ৰ ফেক্টৰীৰ মালিক হ’ব সঁচা; কিন্তু দুয়োটা ব্যৱস্থাতে কেন্দ্ৰীকৰণ চূড়ান্ত। মূলধনী দেশৰ দৰে সাম্যবাদী দেশতো কেন্দ্ৰীভূত ডাঙৰ যন্ত্ৰ-শিল্পৰ বলত উৎপন্ন বৃদ্ধি কৰাৰ কথা ভবা হয়। দুয়োটা সমাজ-ব্যৱস্থাতে ডাঙৰ ডাঙৰ ফেক্টৰী খুলি যিমান পৰা যায়, বেছি উৎপন্ন কৰাৰ চেষ্টা চলে।