পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
গান্ধীবাদৰ দাৰ্শনিক ভেটি আৰু অৰ্থনৈতিক আঁচনি


দিছে। এদিন যিটো ব্যক্তিগত সাধনাৰ বস্তু আছিল, আজি সেই বীজ-মন্ত্ৰ তেওঁ সৰ্ব্ব-সাধাৰণক শুনাইছে, ব্যাপকভাৱে তাৰ প্ৰয়োগ কৰিছে।

  গান্ধীজীৰ মতে উপায় আৰু উদ্দেশ্যৰ ভিতৰত কোনো পাৰ্থক্য নাই। উপায় যদি ভাল নহয়, উদ্দেশ্যও ভাল হ'ব নোৱাৰে। কোনো কাম কৰাৰ প্ৰণালী যদি শুদ্ধ আৰু পৱিত্ৰ নহয়, তেনেহ'লে সেই কামৰ ফলো মঙ্গলজনক নহয়। অসজ উপায়েৰে সজ উদ্দেশ্য সিদ্ধি নহয়। হুলেৰে হল কঢ়াৰ নীতি গান্ধীজীয়ে বিশ্বাস নকৰে। হিংসাৰ প্ৰতিকাৰ হিংসাৰে, অসত্যৰ প্ৰতিকাৰ অসত্যৰে হ’ব নোৱাৰে।

  সত্যৰ 'লেবৰেটৰী'ত গান্ধীজী এজন একনিষ্ঠ ছাত্ৰ। সত্য অন্বেষণ, তাৰ পৰীক্ষা আৰু গৱেষণাই তেওঁৰ জীৱনৰ একমাত্ৰ কাম। ভাৰতৰ স্বাধীনতা আন্দোলনো তেওঁৰ কাৰণে আছিল সত্যৰ কাৰণে এখন যুদ্ধ। সত্যান্বেষণত যি সদায় ৰত, তেওঁ অপৰিৱৰ্ত্তনীয় মতবাদ এটা সৃষ্টি কৰা সম্ভৱ নহয়। সেইহে গান্ধীজীয়ে নিকপ্কপীয়া কোনো মতবাদ গঢ়ি তুলিবলৈ চেষ্টা কৰা নাই। তেওঁ কৈছে যে গান্ধীবাদ বুলি কোনো কথাই নাই। সত্যৰ গৱেষণাগাৰত যি জ্যোতি ওলায়, তাৰ পোহৰত তেওঁ তেওঁৰ কৰ্ত্তব্যৰ সন্ধান পায়। প্ৰকৃত বৈজ্ঞানিকৰ দৰে তেওঁ মুকলি মন লৈ সত্যৰ পৰীক্ষা কৰে। কোনো পুৰ্ব্ব-সংস্কাৰেই তেওঁৰ মন আচ্ছন নেৰাখে। অৱস্থা-ভেদে যেতিয়া যিটো সত্য, তাকে তেওঁ অনুসৰণ কৰে। তেখেতে এঠাইত কৈছে, “মই কেতিয়া কি কৈছিলোঁ তাৰ লগত মিল ৰখাই মোৰ কাম নহয়। যি অৱস্থাত যিটো সত্য, তাক অনুসৰণ কৰাহে মোৰ কাম।"

  গান্ধীজীৰ আঁচনিমতে সমাজ আৰু ৰাষ্ট্ৰৰ ৰূপ কেনে হ’ব সেইটো বুজিবলৈ হ'লে প্ৰথমত চাব লগীয়া গান্ধীবাদে উৎপন্নৰ কি ব্যবস্থা