সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
গান্ধীবাদৰ দাৰ্শনিক ভেটি আৰু অৰ্থনৈতিক আঁচনি

গান্ধীবাদমতে এনে ডাঙৰ যন্ত্ৰ-শিল্পত বনুৱাসকলে স্বাধীনভাৱে চিন্তা কৰি নিজৰ প্ৰবৃত্তি আৰু প্ৰেৰণা অনুযায়ী কাম কৰাৰ সুবিধা আৰু ক্ষমতা হেৰুৱায়। পুঁজিবাদী সমাজত মালিকৰ আৰু সাম্যবাদী ৰাষ্ট্ৰৰ ইচ্ছা আৰু নিৰ্দ্দেশমতে বনুৱা চলিব লাগে। যন্ত্ৰৰ লগত বনুৱাও যন্ত্ৰৰে এটা অংশ-বিশেষ হৈ পৰে। পুঁজিবাদ আৰু সমাজবাদৰ ব্যৱস্থাত নিজৰ কল্পনা খটুৱাই এটা সম্পূৰ্ণ বস্তু তৈয়াৰ কৰাৰ আনন্দৰপৰা বনুৱা বঞ্চিত হয়। ডাঙৰ বস্ত্ৰ-শিল্পৰ অন্তৰ্নিহিত এই আসোঁৱাহ- বিলাকৰ উপৰিও পুঁজিবাদত বনুৱাক নিষ্ঠুৰভাৱে শোষণ কৰা হয়। পুঁজিবাদী সমাজত হাড়ক মাটি আৰু তেজক পানী কৰি খটা বনুৱাই দুবেলা দুসাজ পেট ভৰাই খাবলৈ নেপায়। কিন্তু মূলধনৰ নামত মহাজনসকলে বহি বহি ৰাজ-ঐশ্বৰ্য্য ভোগ কৰে। এনে আসোঁৱাহবিলাক দূৰ কৰি সমাজত শৃঙ্খলা লগাবলৈ গান্ধীবাদ সমৰ্থনকাৰীসকলে যিবিলাক উক্তি কৰিছে, তাক জুকিয়াই ল'লে উৎপন্ন ব্যৱস্থাৰ এনে এখন আঁচনি পোৱা যায়।

  শাৰীৰিক শ্ৰম কোনেও নিঘিণাব। কায়িক শ্ৰম মানসিক শ্ৰমৰ দৰেই মূল্যৱান। মেটোৰৰ কামকো আৱশ্যকীয় আন আন কামৰ লগত সমান মৰ্যাদা দিব লাগিব। গা-খাটনিত উৎসাহ দিয়া ভাল। বেছি যন্ত্ৰৰ প্ৰয়োগ বাঞ্চনীয় নহয়। কামত নেলাগিলে হাত-ভৰি আদি ইন্দ্ৰিয় ভগৱানে নিদিলেহেঁতেন। যন্ত্ৰেৰে হাত-ভৰিৰ কাম একেবাৰে উঠাই দিয়াৰ মানে ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা। একেবাৰেইযে যন্ত্ৰ সাহায্য নোহোৱাকৈ মানুহ চলিব পাৰে সিও নহয়। মানুহৰ শৰীৰটোও এটা যন্ত্ৰহে। শৰীৰ ৰথ, আত্মা ৰখী। যঁতৰো এটা যন্ত্ৰ। আমনি লগা আৰু অতিশয় কষ্টসাধ্য অৰ্থাৎ যিটো মানুহে