পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৬৬ শ্ৰীবিজয়চন্দ্ৰ ভাগৱতী

মাজেদি তেওঁ ঈশ্বৰ-সেৱা কৰে। তেওঁৰ মতে শুদ্ধ, নৰ্ম্মিল চিত্তেৰে নিঃস্বাৰ্থভাৱে জন-সেৱা কৰিলে ঈশ্বৰ-উপলব্ধি সম্ভৱপৰ হয়। পৃথিৱীৰ অন্যায়বিলাক মানি লৈ যাগ-যজ্ঞ, পূজা-অৰ্চনা কৰাৰ ফলত কোনেও স্বৰ্গলৈ যোৱাৰ বাট মুকলি কৰি ল'ব নোৱাৰে। ৰাজনৈতিক, ব্যৱ- সায়িক আৰু ধৰ্ম্ম-জীৱন খোটালি খোটালিকৈ ভাগ কৰিলে নহয়। ধৰ্ম বা আধ্যাত্মিক ক্ষেত্ৰত যিবিলাক নীতি মানুহে শ্ৰেষ্ঠ বুলি মানে, ৰাজনীতি, অৰ্থনীতি আৰু বেপাৰ-বাণিজ্যতো সেইবিলাক নীতি-সমান নিষ্ঠাৰে অনুসৰণ কৰিব লাগিব। গান্ধীজৰ মতে কৰ্ম্ম-জীৱন আৰু ধৰ্ম্ম-জীৱনব পাৰ্থক্য থাকিব নোৱাৰে। যিজনে বেপাৰ কৰোঁতে কিনোতাক কম জোখ দি ঠগে, বা মিছা প্ৰৱঞ্চনাব আশ্ৰয় লৈ ৰাজ- নীতিত কাৰ্য্যোদ্ধাৰ কৰে, তেওঁ গোসাঁই-ঘৰত যিমানেই নাম-গুণ নাগাওক, সকলো নিৰৰ্থক। গান্ধীজীয়ে নিজৰ জীৱনত কাৰ্য্যকৰী কৰি দেখুৱাইছে যে সত্য, অহিংসা আদি ধৰ্ম্ম-জগতৰ নীতিবিলাক যথাৰ্থভাৱে উপলব্ধি কৰিব লাগিলে ৰাজনীতি আৰু বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰতো তাৰ সম্পূৰ্ণ প্ৰয়োগৰ প্ৰয়োজন। তেওঁ ইয়াকো প্ৰতিপন্ন কৰিছে যে ব্যক্তি বিশেষৰ জীৱনত যেনেকৈ এই নীতিবিলাক সমগ্ৰভাৱে অনুসৰণ কৰা উচিত আৰু কৰিব পাৰি, তেনেকৈ গোটেই জাতিৰ ক্ষেত্ৰতো ব্যাপক ভাৱে তাৰ প্ৰয়োগ সম্ভৱপৰ আৰু বাঞ্ছনীয়। তেখেতে কৈছে যে যদি অহিংসা কোনো ব্যক্তি-বিশেষেহে পালন কৰিব পাৰে আৰু সৰ্ব্বসাধাৰণ ৰাইজে তাৰ মৰ্য্যাদা বুজিব নোৱাৰে, তেনেহ'লে সেই অহিংসাৰ মহত্তব আৰু উপযোগিতা নাই। অতদিন ধৰ্ম্মৰ ক্ষেত্ৰত সত্য, অহিংসা আদি নীতিক মানুহে যি গৌৰৱৰ আসন দি আহিছে, বিশ্ব-মানৱৰ সাংসাৰিক উদ্দেশ্যসিদ্ধিৰ কামতো মহাত্মাজীয়ে সেই নীতিসমূহক সমান গৌৰৱ