পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গান্ধীবাদৰ দাৰ্শনিক ভেটি আৰু অৰ্থনৈতিক আঁচনি ১১৫

ন্যায়েৰে, অসত্যক সত্যেৰে, হিংসাক প্ৰেমেৰে জয় কৰাই তেওঁৰ ব্ৰত। পাশৱিক বলত হীন আৰু সামৰিক অস্ত্ৰ-সম্ভাৰত দুখীয়া কাৰণে তেওঁ এই ব্ৰত লোৱা নাই। তেওঁব প্ৰগাঢ় বিশ্বাস যে হিংসাতকৈ অহিংসা শ্ৰেষ্ঠ আৰু বহুগুণে শক্তিশালী। সেই বিশ্বাসৰ বলত পৃথিৱীৰ সন্নিলিত সামৰিক শক্তিৰ বিৰুদ্ধেও তেওঁ অকলে থিয় দিবলৈ সাহ কৰে। ন্যায় প্ৰতিষ্ঠা কৰোঁতে, দুখীয়াৰ দুখ গুচাবলৈ তেওঁ বাটৰ কোনো বাধা নগণি সত্য আৰু অহিংসাক সাৰথি কৰি আগ বাঢ়ি যায়। পৰাজয় বোলা কথাষাৰ তেওঁৰ অভিধানত নাই। ঈশ্বৰৰ বাহিৰে একোলৈকে তেওঁৰ ভয়ৰ লেশো নাই। গান্ধীজীৰ কাৰণে সত্যই ঈশ্বৰ আৰু ঈশ্ৱৰেই সত্য। তেখেতৰ মতে মনুষ্য-জীৱনব উদ্দেশ্যই হৈছে পৰম সত্যৰ উপলব্ধি বা ভগৱৎ-সাক্ষাৎকাৰ, সংসাৰৰ ধন-ঐশ্বৰ্য আৰু ভোগ-বিলাস নহয়। এই কাৰণে তেখেতৰ ৰাজনৈতিক আৰু সামাজিক কাৰ্য্যাৱলীৰো উদ্দেশ্য হৈছে সত্য-উপলব্ধি বা ঈশ্বৰ-দৰ্শন। তেখেতৰ অবিচলিত বিশ্বাস যে ঈশ্বৰৰ বিনা আদেশত ঘাঁহ এডালৰ পাত এটাও নলৰে। “মানুহৰ কাম কৰাৰহে অধিকাৰ, ফলাফল ফল-দাতা বিভুৰ হাতত”, এই বাণী তেওঁ সাৰোগত কৰি লৈছে। ৰাজনৈতিক আন্দোলন পৰিচালনা কৰোঁতেও মুক্তি-বিচাৰতকৈ অন্তৰাত্মাৰ বাণী—ঈশ্বৰৰ আঙুলিৰ সঙ্কেতলৈ তেখেতে চাই থাকে। গান্ধীজীয়ে নিজক ঈশ্বৰৰ ওচৰত একান্তভাৱে নিৱেদন কৰিছিল। তেজ-মঙহৰ প্ৰাণী হিচাপে মানুহব যিবিলাক দ্বন্দ্ব আৰু অসামঞ্জস্য, তাক দূৰ কৰি গান্ধীজীয়ে নিজৰ জীৱনত সামঞ্জস্য স্থাপন কৰিছিল।

  সংসাৰৰপৰা আঁতৰি গৈ পৰ্ব্বতৰ কোনো নিজান গুহাত বহি সত্য বা ঈশ্বৰক পাবলৈ গান্ধীজীয়ে চেষ্টা কৰা নাই। বিশ্ব-মানৱ সেৱাৰ