পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

  গান্ধীবাদৰ দাৰ্শনিক ভেটি আৰু

 অৰ্থনৈতিক আঁচনি

  মাৰ্ক্সবাদৰ দাৰ্শনিক ভেটি সঙ্ঘৰ্ষমান বস্তুতন্ত্ৰ। গান্ধীবাদৰ দাৰ্শনিক ভেঁটি কি? গান্ধীবাদ-দৰ্শনৰ স্পষ্ট আৰু সুনিৰ্দিষ্ট সাহিত্য আজিও গঢ় লৈ উঠা নাই। কিন্তু গান্ধীজীয়ে গান্ধীবাদৰ দৰ্শন তেখেতৰ জীৱনতে প্ৰতিফলিত কৰি দেখুৱাইছে। গন্ধিী গান্ধীবাদৰ মূৰ্ত্তিমান দৰ্শন। যিমানেই তুচ্ছ নহওক, যি ক্ষেত্ৰতেই নহওক, জীৱনৰ প্ৰতিটো কথা, কাম আৰু ভাবত, জীৱনৰ প্ৰতিটো মুহূৰ্ত্ততে গান্ধীজীয়ে নিজৰ লগত মল্লযুদ্ধ কৰিছে সত্য প্ৰতিষ্ঠা কৰিবলৈ। ল’ৰা-কালতে তেওঁ কেইবা- বাৰো প্ৰলোভনত পৰিছিল, ইন্দ্ৰিয়-বৃত্তিৰ দ গাঁতত তেওঁ যেন উঠিব নোৱাৰাকৈ পৰিব, সময়ত এনেও আশঙ্কা হৈছিল; কিন্তু সত্যানুৰাগে তেওঁক এটাইকিবাৰ ৰক্ষা কৰিলে। নিজৰ অধ্যৱসায় আৰু চেষ্টাৰ গুণত তেওঁ সত্যৰ ওপৰত জীৱন গঢ়ি তুলিছিল। ফটিকৰ দৰে উজ্জ্বল ভিতৰে বাহিৰে পৰিস্কাৰ শুভ্ৰ পৱিত্ৰ এই জীৱন। সত্যই হৈছে গান্ধী- জীৰ জীৱনৰ চাবি-কাঠী। তেওঁৰ সত্যৰ আন এটা স্বৰূপ হৈছে অহিংসা- একেটা টকাৰে দুটা পিঠিৰ দৰে। গান্ধীজীৰ মতে অহিংসা সত্য-উপ- লব্ধিৰ একমাত্ৰ প্ৰণালী। নিজৰ জীৱনৰ কাৰ্য্যাৱলীৰে তেওঁ অহিংসাক এটা ৰূপ দিছে। তেওঁৰ হাতত অহিংসা এপাট ক্ষুৰধাৰ শাণিত অস্ত্ৰ। পৃথিৱীৰ সকলো অন্যায়ৰ বিৰুদ্ধে প্ৰৱল-প্ৰতাপী ৰাজশক্তিকো অগ্ৰাহ্য কৰি এইপাট অস্ত্ৰ লৈ তেওঁ নিৰ্ভীকভাৱে থিয় দিছে। অন্যায়ক