এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৩
বধ-কাব্য
কুমাৰৰ চাক যেন ঘূৰিয়া ফুৰয় |
বন-জুই যেন দহিয়া আসয়।
উজানৰ মাছ যেন প্ৰহাৰ কৰিলা |
পুৰ্ণিমা দিৱসে যেন উথলে সাগৰ ।
পতঙ্গ আসিয়া অগনিত দেয় ঝাহ |—জঙ্ঘাসুৰ-যুদ্ধ ।
ফাল্গুনৰ বায়ু যেন নাকৰ নিশ্বাস |
সৰ্পক দিৱয় দুগ্ধ ভালুকক কোব |—অশ্বকৰ্ণৰ যুদ্ধ ।
তুলাত লাগিলে যেন প্রচণ্ড অগনি ।
মৃণালৰ মালা যেন প্ৰচণ্ড অগনি ৷
শোণিতে সিন্দুৰ-বৰ্ণ দেখিতে শোভন ।
প্রচণ্ড বাতাসে যেন ভাঙ্গিল৷ কদলী ।
শ্ৰাৱণৰ মেঘ যেন বৰষিল জল ।
হৰিণক খেদি যেন বাঘগোট ধাই |
আপদ-কালৰ ধৈৰ্যেসে বড় ওষধি ।--কূৰ্ম্মৱলী-যুদ্ধ ৷
জাতীয় জীৱনৰ প্রয়োজনলৈ লক্ষ ৰাখি আৰু জন-সাধাৰণৰ, অৱসৰ- বিনোদনৰ কাৰণে ৰচিত হোৱা দেখিব়েই বধ-কাব্যসমূহ পুৰণি হৈও নতুন । ব্যাপকভাৱে সহৃদয় পাঠকৰ চিত্ত স্পৰ্শ কৰ৷ কাব্যই দীৰ্ঘজীৱী, কালজয়ী হোৱাতে সাহিত্যৰ সাৰ্থকতা ।
বিৰিঞ্চিকুমাৰ বৰুৱা