সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
বিৰিঞ্চিকুমাৰ বৰুৱা

কোকিলৰ কুহু কুহু ভ্ৰমৰা গুঞ্জৰে।
জলচৰ পক্ষীসৱে তাত নাদ কৰে॥
পুস্পচয় চুম্পি মধুকৰে কৰে ৰোল।
কতো উৰে কতো পৰে প্ৰেমত বিভোল॥
তমাল মালতী শেফালিকা জুতি জাই।
বকুল বন্দুলি কৰৱীৰ ধস্তুৰাই॥

 উপৰোক্ত বৰ্ণনাত বক্ৰোক্তিৰ বাহুল্য নাই। কাব্য-সৌন্দৰ্য্যেৰেই প্ৰকৃতিৰ প্ৰতিটি জীৱ প্ৰাণময় আৰু বাঙ্ময় হৈ উঠিছে। প্ৰাক্‌বৈষ্ণৱ কবি মাধৱ কন্দলি আৰু শঙ্কৰদেৱ প্ৰভূতি অন্যান্য বৈষ্ণৱ কবিৰ ৰচনাতো এনে স্বভাৱ-সুন্দৰ পদৰ প্ৰাচুৰ্য্য আছে। ইয়াক গতানুতিক অনুসৰণ বুলি অৱহেলা কৰিব নোৱাৰি। প্ৰত্যেক কাব্য কবিৰ স্বকল্পনা আৰু নিজৰ ভঙ্গীৰে ৰচিত হলেও তাৰ ওপৰত জাতীয় ভাব-ধাৰা আৰু প্ৰকাশ-ভঙ্গিমাৰ কিছু প্ৰভাৱ পৰা স্বাভাৱিক। প্ৰত্যেক সাহিত্য আৰু ভাষাৰ এটি নিজস্ব বিশিষ্ট ৰূপ আছে : জাতীয় চিন্তা ধাৰা, ভাব আৰু কল্পনাৰ সেয়ে সাৰ্ব্বজনীন উৎস। উত্তৰাধিকাৰী সূত্ৰে সকলোৱেই নিজৰ অজ্ঞাতসাৰেই সেই জাতীয় সম্পত্তিৰ ভাগ গ্ৰহণ কৰে। সেয়েহে আধুনিক যুগৰ শ্ৰেষ্ঠ অসমীয়া নৈসৰ্গিক কবিৰ ৰচনাতো স্বভাৱোক্তিৰ প্ৰাচুৰ্য্য।

 কবিয়ে এফালে যেনেকৈ লোক-জীৱনৰ আশা-আকাঙ্ক্ষাক কাব্যত ৰূপ দিবলৈ চেষ্টা কৰিছে, সেইদৰে প্ৰচলিত প্ৰৱাদ-পটন্তৰৰ মাজেদি তাক স্পষ্ট কৰিছে। প্ৰৱাদ-প্ৰচলন গাৱঁলীয়া জীৱনৰ অভিজ্ঞতাৰ ওপৰত সৃষ্ট হৈছে। সৰল গাৱঁলীয়া জীৱনৰ দৰে এই পটন্তৰ-সমূহ পোনপটীয়া, আৰু প্ৰত্যেকটিতে গাৱঁলীয়া জীৱনৰ চিত্ৰ ফুটি ওলাইছে। তলত উদ্ধৃত কৰা পটন্তৰকেইটিয়েই ইয়াৰ প্ৰমাণ দিব।-