পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কৈয়ে পৰম সান্ত্বনা দিছে। সেই কাৰণেই যেতিয়াই নানা অপায়- অমঙ্গলে গাৱলীয়া জীৱনক বেঢ়ি ধৰেহি, তেতিয়াই কীৰ্ত্তন এক অধ্যা পাঠ কৰা হয়—ভক্তৰ বিপত্তি শুণি চিত্তই যেন সান্ত্বনা লভে। কুৰ্ম্মৱলী ৰজাৰ বিধৱা ৰাণীক ভীষ্মদেৱে প্ৰবোধ দিয়াৰ দৰে কাব্যেও জনসাধা- ৰনক বুজনি দিয়ে−

কিসক সন্তাপ  কৰা মহাতাপ
 ৰাজ-পাটেশ্বৰী আই॥
যাৰ কপালত  লিখিয়া আছয়
 বিধাতায়ো কাপ ধৰি।
সেই সুখ দুখ  আপুন মিলয়
 এৰাবাহা কেন কৰি॥

 কাব্যৰ বিষয়-বস্তু মহাভাৰত, পুৰাণ আদি বিবিধ গ্ৰন্থৰপৰা সংগ্ৰহ কৰা হ'লেও নিজ সৃজনী প্ৰতিভাৰে কবিয়ে ভালেখিনি নতুন কথাও সংযোগ কৰিছে। জন-হৃদয় অধিকাৰ কৰিবৰ কাৰণে পৌৰাণিক আখ্যানৰ লগতে লৌকিক কিম্বদন্তী, বিশ্বাস আদি ৰমণীয়ভাৱে ৰজিতা খুৱাই দিয়া হৈছে। অসমীয়া জীৱন আৰু মনোমোহা অসমৰ প্ৰকৃতিৰ বিতোপন বৰ্ণনাৰে কাব্য ভৰ-পূৰ। ভূষণ-বিহীন অথচ আপোন সৌন্দৰ্য্যেৰে আপুনি ৰমণীয় অসমীয়া তিৰুতাৰ দৰে বধ-কাব্যসমূহ স্বভাৱোক্তিৰে সজীৱ আৰু হৃদয়স্পৰ্শী হৈ উঠিছে। “জঙ্ঘাসুৰ-যুদ্ধ”ত কবিয়ে স্বভাৱ-সুন্দৰ সৰোবৰৰ মনোৰম বৰ্ণনা দিছে--

দেশন্তে সুন্দৰ সিটো থান মনোহৰ॥
তাহাৰ মধ্যত এক সৰোবৰ আছে।
ফুল ফুলে আনাদিত জ্বলে ঢাবি কাৰে॥

১১−