পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
বৰবৰুৱাৰ ভাবৰ বুৰ্বুৰণি

 “ইটালী শক্তিমন্ত হোৱাৰ মূল মন্ত্ৰটো এতিয়া বোধ কৰোঁ বৰবৰুৱা ডাঙৰীয়া দেৱতাই বুজিলে। আমাৰ হতভাগ্য ভাৰতৰ মানুহে এই মহামন্ত্ৰৰ মহিমা কেতিয়াবা বুজিছেনে? যিদিনাই বুজি স্বদেশক আগ কবি, নিজব ক্ষুদ্ৰ স্বাৰ্থ, ক্ষুদ্ৰ জাতি আৰু ধৰ্ম্মৰ নামত আচৰা সঙ্কীৰ্ণতাক পিছত ঠাই দিব, সেইদিনাই ভাৰতে পৰাধীনতাৰ জিঞ্জিৰি ছিঙি স্বৰাজৰ সোণৰ সাতশৰী লগত পিন্ধিব। সেইদিনাই তেত্ৰিশ কোটি ভাৰত-সন্তানৰ প্ৰৱল বলে ভাবত ধুই-পখালি পৱিত্ৰ কৰিব আৰু জলধিৰপৰা লক্ষ্মী ওলোৱাদি পূৰ্ণ গৌৰৱেৰে ভাৰত মাতাৰ উদয় হ'ব। সেই ভাবত আইৰ চুলিৰ আগে হিমালয় শৃঙ্গ গৌৰীশঙ্কৰ ছুব, পূৰ্ব্বঘাট আব পশ্চিমঘাট—এই দুই হস্ত-পদ্মই সন্তানসকলক আঁকোৱালি ধৰিব, বিন্ধ্যপৰ্ব্বত-ৰূপ পদ্ম-মালাৰে তেওঁৰ মৃণাল-ধৱল কণ্ঠ পৰিশোভিত হ’ব, চন্দ্ৰ-সূৰ্য্য-তৰা-পতোৱা নীলচন্দ্ৰাতপ তেওঁৰ মূৰত আৰ খাব, তেওঁৰ পাদোদক গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু কাবেৰীৰ জলে ভাৰত স্থান পবিত্ৰ আৰু শস্যশালী কৰিব আৰু তেওঁৰ কোলাত আশ্ৰয় লোৱা দেশী- বিদেশী-নিৰ্বিশেষে সকলোকে আয়ে বৰাভয় দান কৰি বৃক্ষা কৰি শুভাশীৰ্ব্বাদ কৰিব; আৰু সেই পুৰাতন চিৰন্তন ভাৰত মাতৃয়ে আকৌ জগত-শ্ৰেষ্ঠ আসন গ্ৰহণ কৰি বহিব। কিন্তু দুখৰ কথা কি কম, আৰু ক’বলৈ লাজ লাগে যে, আমাৰ ভাৰতীয়সকলৰ ভালেমান আমাৰ স্বদেশ আৰু জন্মভূমি যে প্ৰথমতে আৰু সকলোৰে 'আগত, আৰু সঙ্কীৰ্ণ সম্প্ৰদায় বা ক্ষুদ্ৰ স্বাৰ্থ তাৰ পিছতহে এই মহাসত্য পাহৰি, আজি নকটা খেৰৰ নশ মুঠিৰ ভাগ বিচাৰি থোৱা-কামোৰা কৰি নিজৰ সময় আৰু শক্তি নষ্ট কৰি জগতৰ অন্য মানুহৰ হাঁহিয়াৰ পাত্ৰ হৈছে। আচৰিত কথা যে তেওঁলোকে নিজৰ মহা ভুলৰ কথা