পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
লক্ষ্মীনাথ বেজবৰুৱা

ধৰ্মাৱলম্বী আৰু সকলো জাতীয় ইটালীয় প্ৰজাৰ ইটালীৰ সম্পৰ্কে একেটা ঘাই মত কৰি তোলাটোৱেই ফেচিষ্টৰ উদ্দেশ্য আৰু সেই উদ্দেশ্য সকলো হৈছে ইটালীৰ ভাষাত Fascism মানে বান্ধ খোৱা৷ ফেচিষ্ট মানে সকলো ইটালীয় প্ৰজা একতাৰ বান্ধোনেৰে বান্ধ খাই শকত হোৱা। যি ইটালীক মাতৃভূমি বুলি স্বীকাৰ কৰিছে, সি ইটালীৰ যশস্যা, গৌৰৱ আৰু স্বাৰ্থেৰে প্ৰথমতে বান্ধ খাব আৰু সুকীয়া ধৰ্ম-কৰ্ম বা আন যি ভাবিবলগীয়া আছে, সেইবোৰ তাৰ পিছতহে৷ “ফেচিষ্ট’’ ইটালী মানে বান্ধ খাই একেটা হোৱা ইটালী। প্ৰথমতে ইটালীৰ হ’ব লাগিব, তাৰ পিছতহে আনবোৰ ;---অৱশ্যে যদি সেইবোৰে ইটালীয় হোৱাত ব্যাঘাত নজন্মায়৷ কিছুমান বছৰৰ আগলৈকে ইটালীৰ অৱস্থা ঠিক বলকান ষ্টেটবোৰৰ নিচিনা আছিল৷ আজি ইটালী এটা প্ৰৱল শক্তি। আজি ইটালীয়ই নিজক ইটালীৰ বুলি গৌৰৱান্বিত ভাবে, অথচ ইটালীয়ই আগৰ ডোখৰত নিজৰ মাতৃ ভাষাক হেয় জ্ঞান কৰি বিদেশী ভাষাৰে কথা কোৱাটো গৌৰৱৰ বিষয় যেন বুলি ভাবিছিল। একতাৰ মহা-মন্ত্ৰত যিদিনাই দীক্ষি হ’ল সেইদিনাৰেপৰা, ইটালী প্ৰৱল বেগেৰে পৃথিৱীত আগবাঢ়িবলৈ ধৰিছে। মুছলিনি নামেৰে এজন বৰ ক্ষমতাশালী মানুহ ফেচিষ্ট সম্প্ৰদায়ৰ গুৰিত। বাস্তৱিকতে তেওঁহে এতিয়া ইটালীৰ হৰ্ত্তা-কৰ্ত্তা বিধাতা। ইটালী দিনক দিনে ইমান প্ৰৱল হৈ আহিছে যে, ইউৰোপৰ প্ৰধান সাম্ৰাজ্য শক্তিবোৰে শঙ্কিতভাৱে ইটালীৰ ফালে চকু দি চলিছে। মুছলিনি ইমান কামিলা আৰু শক্তিশালী যে তেওঁক মানুহে জগদ্বিখ্যাত নেপোলিয়ন বোনাপাৰ্টেৰে সৈতেহে তুলনা কৰিব খোজে।