পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
লক্ষ্মীনাথ বেজবৰুৱা

মনিবকে নোখোজে আৰু লোকে দেখুৱাই দিলে, দেখুৱাওঁতাজনৰ ওপৰত খং কৰি উঠে। অৱস্থাটো অতি শোচনীয় নহয়নে বাৰু? তেওঁলোকে নিজৰ ভৰিত নিজে বাগিকুঠাৰ মাৰিছে, আৰু তেনে নকৰিবলৈ কওঁতাক তেওঁলোকে গালি-শপলি পাৰি খঙত একো-নাই হৈছে। এটা পঢ়া-শালিৰ ল’ৰায়ো জানে যে 'তৃণৈৰ্গু ণত্বমাপনে বদ্ধতে মত্তদস্তিনং’ অথচ অতিপণ্ডিত এওঁলোকে সেইটো জানিও নাজানেে, দেখিও নেদেখে। দেখিও নেদেখাক কণা নুবুলি কি বোলা যাব পাৰে? সৰু ল’ৰাক কোৱাদি এই মূৰ্খ বুঢ়া পণ্ডিতসকলক কোনে ক’ব যে কেইবাখনো শাখা নদী বা কেইবাটাও সৰু সৰু সুঁতি গোট খাইহে এখন মহানদী হ’ব পাৰে, আৰু সেই মহানদীয়েহে গাওঁ, নগৰ, দেশ, প্ৰদেশক সুজলা-সুফলা কৰি তাৰ শ্ৰীবৃদ্ধি কৰিব পাৰে। বৰবৰুৱা দেউতা, এনেখন আপোনাৰ ভাৰতীয় মানুহ। মই কওঁ এই বলিয়াখনৰ ঠাই “পগলা-গাবদহে”; পুণ্যভূমি ভাৰতবৰ্ষ নহয়। ক’ৰ শিয়ালখনে গাঁত খানি ইয়াত বাহ ল'লে ক'ব নোৱাৰোঁ।”

 মই মাজু বুৰ্বুৰণিক ক’লোঁ, “তইহে বলিয়া হৈহু, তই যাক বলিয়া বুলিছ, তেওঁলোক নহয়। তইহে শিয়াল, তেওঁলোক নহয়; তেওঁলোক ভাৰতৰ সিংহ। আমি ভাৰতত কেনে সুখ-শান্তিত আছোঁহক, তই কণা, দেখিও দেখা নাই। বৰগছৰ সুশীতল ছাঁত আমি ভাৰতীয় নিদ্ৰালু। নিদ্ৰা এৰি চুৰি-ডকাইতি কৰি ফুৰিলেহে

আমাৰ সুখ হ’বনেকি?”

লক্ষ্মীনাথ বেজবৰুৱা