পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীবেণুধৰ শৰ্মা

সেই পুৰণা খাৰকে ৰণজনেদি জুই দিলে চেৰচৰাই খাৰ মাটিত বাগৰি পৰে; জুই দিলে নেবাজে। যদি কেনেবাকৈ এটা হিলৈ বাজি গুলী যায়ো, ভয়ত সেই হিলৈ পতাত বিপক্ষৰ পোন ধৰাত বিজুতি হৈ ওপৰ বা অন্তৰে গুলী যোৱাত সেই গুলী বিপক্ষে কোচ পাতি ধৰিছোঁ বুলি অহঙ্কাৰ কৰে। কাঁড়ীৰ কাঁড়, বিপক্ৰষ এড়িয়া কাপোৰৰ গাঁতি লগা, তাকে গাৰপৰা উঘালিছে বুলি দেখায়। খাৰ আৰু এড়িয়া কাপোৰৰ দুৰ্গুণ নুবুজি বিপক্ষৰ বৰ মাহাত্ম্য, গুলী নাযায়, গ’লেও কোচ পাতি ধৰে আৰু হিলৈও নাবাজে, ৰণজনৰ মুখে পানী ওলায়, কাঁডো নোসোমায়, এইদৰে কোৱা-কুই কৰি ভয়াতুৰ হৈ, আৰু সেনাপতিসকলে পাছত থাকি সেইবোৰ কথা শুনি অধিক ভয়াতুৰ হৈ আগেয়ে পলায়। মোৱামৰীয়াৰ ফালৰ প্ৰতিজনে এখন এড়িয়া কাপোৰৰ গাঁতি, গোৰোৱা-লেটোৱা মুগাৰ ডাঠ চুৰি পিন্ধা। কঁকালে গামোচা, মূৰে এৰয়াি গামোচা বা গৰুচকুৱা গামোচাৰ মথৰি। হাতত জোং বা দা লৈ, হুজ পাতি হুজ পাতি ঢোল-দং কোবাই ‘অষ্টভুজ, ষষ্ঠভুজ, চতুৰ্ভুজ গোঁসাই। মেলছই মাৰিবলৈ বায় | মেলেছ খাওঁ’ বুলি হাতে জোং লৈ ২০|৩০ মোৱামৰীয়া খেদি গৈ হাতীৰ কানে, ঘোঁৰাৰ গাই দুই- চাৰি মানুহকো খোচ লগালেই হাতৰব চিঞৰ, ঘোঁৰাৰ হেঁহনি, মানুহৰ হাও-হুইতে সেই ভয়াতুৰ ৰাজ্সৈন্য পলাই যায়।”

  এই সৈন্যেৰেই ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি বৰসেনাপতি। গছ নোহোৱা ঠাইত এৰা-গছকে বৰগছ পাতি লোৱাৰ নিচিনাকৈ ভয়াতুৰ বা অনিচছুক সেনা-সেনানীৰ ওপৰত বুঢ়াগোহাঞিক বৰসেনাপতি পাতি নিপুণত্ব বা কৰ্ত্তৃত্বৰ যে কিবা গৌৰৱ বঢ়োৱা হ'ল, ক’ব নোৱাৰি। বিশ্বাস হেৰুৱাই না বিশ্বাস নিদিয়া বিশাল সৈন্যৰ ওপৰত সেনাপতিত্ব কৰাত আৰু কিহৰ নিপূণতা?