পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেশদ্ৰোহী কোন—বদনে নে পূৰ্ণানন্দ ১২৩

বুঢ়াগোহােি কৰিলে প্ৰতিজ্ঞা। যেই প্ৰতিজ্ঞা, সেই কাম। ৰজা স্বৰ্গী হ’বলৈহে পালে, বুঢ়াগোহাঞে গুপুতে গুপুতে বৰবৰুৱাক মতাই অনাই বধ কৰালে। তাৰ অলপ পিছত, নতুন ৰজাক সিংহাসনত বহুৱাই সিন্ধুৰাক প্ৰাণ-দণ্ড দিলে। এনে প্ৰকাৰেই প্ৰজা-হিতাকাঙক্ষী হ’ব লগীয়া মন্ত্ৰণাকাৰীয়ে প্ৰজা-সংহাৰক ৰুদ্ৰ-মুৰ্তি পৰিধাৰণ কৰাত গৃহ-কন্দলৰ বিষাক্ত ভাবে দেশ ছানি পেলালে। মোৱামৰীয়া বিদ্ৰোহৰ জুইত এই গৃহ-কন্দলৰ ঘিঁউ-জুই পৰিলত অসমৰ স্বাধীনতা তেতিয়াই এক প্ৰকাৰ ছাৰখাৰ হৈ গ'ল।

  যুদ্ধবিদ্যাত সুনিপুণ সেনাপতি আছিল যদিও, নিৰ-কৰ্ম্মদোষৰ ফলত ৰণৰ আহিলাপাতি সংগ্ৰহ কৰা আৰু সৈন্য-বল গঠন কৰাত পূৰ্ণানন্দ পদে-পদে বিফল হৈছিল। প্ৰমাণ, মোৱাৰীয়া যুদ্ধখনেই। 'ৰজাদেৱৰ ফালৰ কোঁৱৰ, হিলৈদাৰী, বাজুৱা হাজাৰ, ভিতৰুৱাল হাজাৰ এই দুই হাজাৰে সহিতে অস্ত্ৰ-শস্ত্ৰ ধৰা সেনা অতি কমেও ৩০|৪০ হেজাৰ আছিল। সেনাপতিও অনেকটি আছিল। খাৰ-বাৰুদ ভাল বুলিব নোৱাৰা আছিল। খাৰ কৰি টকৌপাতৰ ৰুমত ভৰাই খাৰঘৰত ৰাখিলে, তাৰ আৰু ভাল-বেয়াৰ বিচাৰ নাই। কোনো কালে ৰ’দ নেদেখি জেকি গোটা বান্ধিছিল। তাকে ৰণলৈ নিয়ে। মোৱামৰীয়াৰ ফালে তাদৃশ অস্ত্ৰ-শস্ত্ৰও নাই, ১০|১২হেজাৰমান মানুহহে হ’ব। সেনাৰ হাতত বাঁহৰ জোং, চূণ-ছাই-সনা কাঠৰ দা, মাজে-সাজে দুই-চাৰিডাল শেল-বৰছা, লোৱৰ দীঘল দা ২|৪ খন, এই মাত্ৰ অছিল। তাতে ৰজাৰ ফালৰ সৈন্যই খেদি গৈ ৰণ ধৰক বা মোৱামৰীয়াই খেদি গৈয়ে ৰণ ধৰক, দুয়ো ফালৰ সৈন্য দেখা-দেখি হলে আমাৰ সেনাপতি পিছ পৰে। ৰাজ-সৈন্যৰ মাজত সকলোৰে আগে হিলৈদাৰী। তেওঁবিলাকে