পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেশদ্ৰোহী কোন—বদন নে পূৰ্ণানন্দ

  সৈন্য-পৰিচালনা কৰা দায়িত্বতকৈ ভেম-অহঙ্কাৰৰ ম'ৰাছালি ধৰি থকাটো যে বৰসেনাপতি পূৰ্ণানন্দই আঁকোৰগোজালিভাৱে ধৰি আছিল তাক বৰফুকনে নানা সময়ত ভালকৈ দেখিবলৈ পোৱা হয়। বদন বৰফুকনে মানদেশৰপৰা চাৰি হেজাৰ সৈন্য লৈ অসমৰ অভিমুখে আহি হুকং পাইছেহি। এনেতে, এবাৰকে নহয়, দুবাৰকৈ চিংফৌৰ বাৰগাম আহি বুঢ়াগোহাঞিক সকীয়াই দিছেহি বেলে, “পাটকাই পৰ্ব্বতত আচল ঠাই অনেকখানি আছে। এটা মানুহে এটি শিল বগৰাই দি হাজাৰো প্ৰাণী মৰা এনেও অনেক ঠাই আছে। তাতে কিছু সেনা থ’লে সিহঁতে হুকঙৰপৰা টোপোলা-ভাত আনি খাই সেই অচল ঠাই, পৰ্ব্বতত যুঁজ কৰিব নোৱাৰি মৰিব বা পলাই যাব। যদি সেই মানুহ পাটকাই পাৰ হৈ আহিব পাৰিলে, আমাৰ চিংফৌ-খামতি ল'লেহি, সেই চিংফৌ- খামতিৰ এই চাউল-ভাত হাত-ভৰি-নিচিনা হ'ব। চিংফৌ-খাম্তিয়ে সিহঁতক চাউল-ভাত নোশোধাই থাকব নোৱাৰিব আৰু সিহঁতে সহিতে সমান ঠাইত যুঁজাও টান হ'ব। এতেকে, পাটকাইলৈ সেনা-পদাতি পঠালে, আমি চিংফৌ-খামতিয়েও সেই সেনাপতিৰ লগত থাকি মানে সৈতে ৰণ কৰিব পাৰিম।'

  এনে বুলি চিংফৌৰ কটকীয়ে জনোৱাত বুঢ়াগোহাঞে, স্বভাৱ-সুলভ ডাঙ্কোপ মৰা কথাৰে মাত দিলে, “মোৰ ওঠৰ কুম্পানী চিপাহী আৰু দুহেজাৰ কোঁৱৰ হিলৈদাৰী, তাত বাহিৰেও কাঁড়ী-বাৰুৱতী অনেক সেনা আছে। টোপোলা-ভাত আনি সিহঁতে কি ৰণ কৰিব? নগণি আহক, আহিব দে।” এই বুলি, বাৰগাম চিংফৌক বিদায় দি বুঢ়াগোহাঞে পাটকাইলৈ সনা নপঠালে।

  নপঠোৱাৰ ফলত হ’লগৈ কি?—টোপোল-ভাত খোৱা মান-