পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেশদ্ৰোহী কনো--বদন নে পূৰ্ণানন্দ

যেনেকৈ শিশু চটকক পখাৰে আৱৰি ৰাখে, সেইৰূপ ডাঙৰীয়াই ৰক্ষা কৰিছিল।“

  গৌৰীনাথসংহ স্বৰ্গদেৱ ভটীয়াই গ'লত, তেওঁ অকলৈ নিজ বুদ্ধি অনুসৰিয়েই নগৰ ৰক্ষা কৰি আছিল। এইখিনিলৈকে বুঢ়া-গোহাঞিৰ ফালৰপৰা, স্বৰ্গদেৱসকলৰ ডাঙৰীয়া-তন্ত্ৰৰ সম্মান অটুটভাৱে ৰক্ষা কৰা হৈছিল।

  প্ৰশ্ন উঠে, তাৰ পিচত, সেই সম্মান ৰক্ষা কৰা হৈছিল কেনেকৈ? --ঢাল-বাৰু, হিলৈ-তৰোৱাল, তোপ-বৰতোপেৰে সুসজ্জিত, শিক্ষিত সৈনেৰে বাঁহৰ জোং, চূণ-ছাই-ঘঁহা কাঠৰ দা লোৱা, অশিক্ষিত, এদল প্ৰজাৰ বিৰুদ্ধে বিৰাট অভিযান চলাই!

  বিতুষ্ট প্ৰজাৰ মনোভাৱ দমাবলৈ দুৰ্ব্বাৰ ৰাজ-শক্তি যিমানেই কি প্ৰয়োগ নকৰক, সিমানেই সি ভোটা হৈ উফৰিবই উফৰিব। মোৱা- মৰীয়াপক্ষৰ লোক সমূহপ্ৰজা; আৰু পূৰ্ণানন্ৰব পক্ষৰ অকল স্বৰ্গদেৱৰ- পৰা কিনি লোৱা অনুগত ভূত্যসকল।

  মোৱামৰীয়া বিদ্ৰোহ উলামূলা নহয়—এঠাইত কাটোঁতেও সাত ঠাইত গজিছিল। ৰাজ্য জুৰি অসন্তোষৰ ভাব বিয়পি পৰাত পূৰ্ণানন্দৰ সেনাই তেওঁৰ লগ এৰা বা ৰণ-বলত বিজুতি লগোৱা, নাইবা বিশ্বাসী বিষয়াবিলাকে যুদ্ধ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা একো আচৰিত নহয়। বছাৰ মানুহখিনি বুঢ়াগোহাঞি ডাঙৰীয়ায়ে পতা। অথচ, সিহঁতক যেতিয়া বৰগোহাঞে মোৱামৰীয়াৰ বিৰুদ্ধে ৰণ কৰিবলৈ ক’লে, তেতিয়া সিহঁতে তুতি-মিনতি কৰি জনাই পঠালে বোলে, “আমি ল’ৰা-তৰুবতা এৰি যাবও নোৱাবো, মোৱামৰীয়াবে ৰণো নকৰোঁ। বুঢ়াগোহাঞি ডাঙৰীয়া যেইৰূপে আহিছে, সেইৰূপেই গুচি যাওক। আমি যাব নোৱাৰোঁ।