পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীবেণুধৰ শৰ্মা

এতিয়া ডাঙৰীয়া পূৰ্ণানন্দ বুঢ়াগোহাঞি ৰাজমন্ত্ৰী হৈ কি কৰিলে, তাক চোৱা যাওক।

  সঁচা কথা—যি লাই বাঢ়িব দুপতীয়াতেই চিন। পূৰ্ণানন্দ সৰুৰে- পৰা স্বজাতিভক্ত আছিল যদিও, পৰশ্ৰীকাতৰ আছিল। গোহাঞি হৈ থাকোঁতেই দেউতাকক কৈ মোৱামৰয়াীৰ লগত যোেগ দিয়া বৰবৰুৱাক তেওঁ হত্যা কৰোৱায়। পিতৃ-বিয়োগ হোৱাৰ পিছত যেতিয়া তেওঁ নিজেই বুঢ়াগোহাঞি ডাঙৰীয়াৰূপে অধিষ্ঠিত হ'ল, তেতিয়া ল’ৰাকালৰ অসূয়া-অহঙ্কাৰ আৰু বৰলোকালি ভাববোৰ নিজ-কাৰ্যাৱলীত ক্ৰমান্বয়ে প্ৰকাশ পাবলৈ ধৰিলে।

  ৰজা গৌৰীনাথসিংহ কানীয়া, দুৰ্বল আৰু নপুংসকৰ দৰে জীৱনী শক্তি-বিহীন। মন্ত্ৰী পূৰ্ণানন্দ পৰম উৎসাহী, সবল আৰু উচ্চাকাঙ্ক্ষা- পূৰ্ণ। এনে স্থলত, জগন্নাথৰ জড় মূৰ্ত্তি যেন বহিৰজাই কৰা কুকাৰ্য- বোৰৰ প্ৰত্যবায় নিশ্চয় চক্ৰ-স্থিত মধুমক্ষিকা হেন উঠি-ৰজা মন্ত্ৰীৰ গাত পৰিবই পৰিব।

  বুঢ়াগোহাঞিৰ মন্ত্ৰিতত দূৰদৰ্শিতা, স্বাৰ্থহীনতা বা সমদৰ্শিতা থকা হ'লে সেইবিলাক গুণৰ প্ৰভাৱেৰে তলতীয়া বিষয়াবিলাকৰ মাজত হোৱা বিৰোধাবিৰোধি ভাবৰ প্ৰতিবন্ধক জন্মাব পাৰিলেহেতেন; পূৰ্ণা নন্দ বুঢ়াগোহাঞি হোৱাৰ লগে-লগেই লালী নিছিগাকৈ বাৰ বছৰলৈ হ’ব লগীয়া ‘মোৱাৰামীয়া বিদ্ৰোহে আকৌ ওৰা পাতি ল'ব নোৱাৰিলে- হেঁতেন। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথমছোৱাত তেওঁ যি বুদ্ধি-কৌশল, বল-বিক্ৰম আৰু কাৰ্য্যতৎপৰতা দেখুৱালে, আৰু বছা-দৈয়াঙত যিৰূপে নতুন ৰাজ্য পাতিলে, তাক দেখি বুৰঞ্জী-লেখক শ্ৰীনাথ দুৱৰা- বৰবৰুৱাই লিখিছে, “সেইবেলা মহানন্ত্ৰী বৰগোহাঞি ডাঙৰীয়া পক্ষীয়ে