পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীবেণুধৰ শৰ্মা

  সোঁহতয়া মন্ত্ৰিত্বৰ প্ৰভুত্ব চলাব পৰাকৈ যেতিয়া বুঢ়াগোহাঞে মোৱা- মৰীয়া বিপ্লৱৰ শাম কটাব নোৱাৰিলে, তেতিয়া পাৰোঁতেনো দেৱৰ- গাৱঁৰ নামতিয়াল বৰবৰুৱাই খেদ কৰি কৈছিলনে বোলে, “এই কাঁড়ী- বাৰুৱতীয়েৰেই স্বৰ্গদেৱে যুদ্ধ কৰি অনেকাবাৰ বঙ্গালকো জিনিছে। তখাপি, এই বাৰুৱতীয়ে মোৱামৰীয়াক দেখিলে মাত্ৰকে পৰাঙ্মুখ হৈ বিভঙ্গে পলায়। ঈশ্বৰ ঈশ্বৰীৰ-ইচ্ছাতেই এইৰূপ হ'ল। এতকে, কাল চক্ৰ বলৱন্ত বটে, বুজন নাযায়। মাউখে উটিলে গুড়ি-পৰুৱাৰো যে মৰণ নাই, এয়ে তাৰ প্ৰমাণ। অৰ্থাৎ, পূৰ্ণানন্দৰ প্ৰতি প্ৰজাৰ একমন নহয়৷   গৌৰীনাথসিংহক “মতিছন্ন” বুলিলেও দোষ নাই। তেওঁ ৰজা হৈ কপাহ নেওঠা মানুহক ধৰি অনি প্ৰাণে-মাৰোঁতে, চাপৰ মাৰি নাও ফলা মানুহটোক কঠিন শাস্তি দিওঁতে, সৰু-কালৰ সখি এজনৰ চকু কাঢ়োঁতে, তেওঁৰ অনুগ্ৰহ-নিগ্ৰহ কতিয়া কাৰ ওপৰত পৰে, তাৰ একো নিদৰ্শন নেপাওঁত ৰাজ্যৰ ধৰণী বুঢ়াগোহাঞি ডাঙৰীয়াই যদি সুযুক্তি সুপৰামৰ্শ-সুবুদ্ধি দিলেহেতেন, তেওঁৰ মন্ত্ৰিত্ব সাৰ্থক হ'লহেতেন।

  স্বৰ্গদেৱ গৌৰীনাথসিংহৰ কাল পালেহি। লঙ্কাৰ ৰাৱণৰ দৰে তেওঁ এই ভূ-ভাৰস্তত তিনিটা কাম কৰি থৈ যাব নোৱাৰিলে, যথা—তেওঁৰ ভায়েকক বিয়া দিব নোৱাৰিলে, নগঞা সিন্ধুৰাক মাৰি তাৰ মঙহ পুতেকক খুৱাব নোৱাৰিলে, বাছকটীয়া বৰবৰুৱাক বধ কৰি মনৰ খেদ গুচাব নোৱাৰিলে। এইকেইটা মনৰ কথা মনতে মাৰ গ'ল। কিন্তু ৰজাৰ সোঁ হাত পূৰ্ণানন্দ বুঢ়াগোহাঞি স্বৰং ৰাজমন্ত্ৰী হৈ থাকোঁতে এনেবোৰ ৰাজ-আক্ষেপ-যিবোৰ পূৰণৰ দ্বাৰায় ৰাজমন্ত্ৰীৰ স্বাৰ্থসিদ্ধি হ’ব পাৰে, সেইবোৰ প্ৰতিপালিত নোহোৱাকৈ থাকিব পাৰে নে?