পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেশদ্ৰোহী কোন—বদন নে পূৰ্ণানন্দ

বলৈ ওলালে, যৎকিঞ্চিৎ নহয় যৎকিঞ্চিৎ ধাৰণাৰ কটকটীয়া পকা ভেটিটিত ভূইকঁপৰ জোকাৰণি পৰিবই পৰিব।

  ৰাজসভাৰ তিনিজনা ডাঙৰীয়াৰ ভিতৰৰে ডাঙৰীয়া বুঢ়াগোহঞোে এজন। বৰগোহাঞি আৰু বৰপাত্ৰ গোহাঞিৰে সৈতে পৰামৰ্শ কৰি এওঁ ইতৰ বিষয়া আছোক ছাৰি ৰজাকো ভঙা-পতা কৰিব পাৰে। ৰণ হলে, স্বৰ্গদেৱৰ আজ্ঞাৰে জকাইচুকীয়া নিজা বিলতীয়া সেনা আৰু ৰজাঘৰীয়া সৈন্য লৈ যুদ্ধলৈ যাব লাগে। মৰ্য্যাদাতো ৰজাৰ পিছতেই। দোষীক দণ্ড দিব পাৰে, কিন্তু কাটিব নোৱাৰে। এগৰাকী বুৰঞ্জী- লেখকে কৈছে—বুঢ়াগোহাঞি ঘৰৰ পূৰ্ণানন্দ “আহোমৰ এজন মহামন্ত্ৰী পুৰুষ আছিল।“ ১৭০৩ শকৰ আহাৰ মাহৰপৰা ১৭৩৮ শকৰ চ’ত লৈকে এই ৩৫ বছৰ কাল পূৰ্ণানন্দই যি অখণ্ড প্ৰতাপ আৰু বাঢ়নী পানী যেন ক্ষমতাৰে ৰাজমন্ত্ৰীৰ বাব ভোগ কৰি গ'ল তালৈ চাই তেওঁ নিশ্চয় মহামন্ত্ৰী পুৰুষ আছিল বুলি ক'ব লাগিব। ইমান দীৰ্ঘকাল ৰাজমন্ত্ৰী হৈ থকা লোক এজনাৰ জীৱনটি যে ঘটনাপূৰ্ণ নহ'ব, তাত সন্দেহ নাই? এনে হেন দীঘলীয়া জীৱনটিয়ে ঘটনাক সৰ্ব্বগ্ৰাস কৰিলেনে, নাই, ঘটনাই জীৱনটিক সৰ্ব্বগ্ৰাস কৰিলে তাক হে “মহামন্ত্ৰী“ পূৰ্ণানন্দৰ কাৰ্য্য-কলাপত বিচাৰি চাব লাগিব।

  মন্ত্ৰীৰ বিশেষত্ব মন্ত্ৰণাত। নিজৰ স্বাৰ্থ বলি দিও, যি মন্ত্ৰীয়ে ৰজা আৰু- ৰাজ্যৰ কুশল কামনা কৰে, সেয়েহে উপযুক্ত মন্ত্ৰী।

ৰাইজেই ৰজা, জ্ঞাতিয়েই গঙ্গা ৰাইজ নহ'লে কিহৰ ৰজা?

  --এনে প্ৰৱাদ বাক্য য িদেশত ৰচিত সেই দেশৰ শিৰৰ মুকুট ৰজাৰ স্বাৰ্থ অটুট ৰাখিব পাৰেে যিজন বলী মন্ত্ৰীয়ে, সেইজনহে প্ৰকৃত মহামন্ত্ৰী।