পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ vo হেন বিধি সলোতক হুয়া ৰাজা কৃতাঞ্জলি কৰি। পুনু নামিয়া তুতি কৰিলা সাদৰি॥ ৪৪৪ ভিষ্মক বদতি মোৰ জনম সাফল। জীৱন পৱিত্ৰ মোৰ ভৈল অবিকল। কৃাটি জনমৰ কৰ্ম্ম ভৈলেক চেদন। জগতৰ স্ৰষ্টা বিধি ভযু আগমন॥ ৪৪৫ স্বপ্নে যাৰ পাদপদ্ম নহে দশিন। তপস্যাৰো ফল দাতা জগত কাৰণ। মোৰ অজিনাত প্ৰবেশ। মোৰ শুভ দিন আসি তৈলেক উদয়। ৪৪৬ সিন্ধুমুনি সুৰনৰ যত যোগী গন। ধ্যান কৰি নেদেখয় শিৱৰ চৰণ। কালৰো যে মহাকাল অন্তক মৃত্যু। মৃতুঞ্জয় শিৰ ভৈল গোচৰ চক্ষুৰ। ৪৪৭ হেন শিৱ ভৈলা মোৰ অঙ্গিনাত থিত। কিনো পুন্য কৰি আছে। মই বিপৰীত অনন্তে শাস্ত্ৰৰ শিৰে বিশ্বক সদাই। চৰাচৰ সমে ধৰি অ'ছ। সমুদাই। ৪৪৮ দেৱৰ মধ্যত যাৰ নাহিকয় অন্ত। এতেকে সমস্তে বোলে তোমাক অনন্ত। হেন দেৱ মোৰ অনিত ভৈলা থিত। জনম সফল ভৈল মোৰ ই ভুমিত। ৪ ৪৯ সবাৰে অগ্ৰত পুজ্য দিৱ গনেশ্বৰ। দেৱ শ্ৰেষ্ঠ দেব ভৈলা মেহেৰ গোচৰ। বৈষ্ণৱ গনৰ মধ্যে তুমি জ্ঞান সাৰ। মোৰ অঙ্গিনাত হেন সনত কুমাৰ॥ ৪৫০ ব্ৰহ্মা তনয় পৌত্ৰ প্ৰপৌত্ৰ যি হয়। লেহি বংশে জন্ম আছে নো মুনিচয়। ব্ৰহ্মতেজে প্ৰজ্বলিত আইল মুনি যত। গৃহে মোৰ স্থিতি ভৈল পুন্যৰ বলত॥ ৫১ তীৰ্থকে পবিত্ৰ কৰে পাদোদকে যাৰ। সুপবিত্ৰ ভৈল গৃহ আশ্ৰম আমাৰ। যিটো যিটো তীৰ্থয অছয় ভূমিত। সমস্তে তীৰ্থৰ ফল পায় সাগৰত। 8C সাগৰত যিটো যিটো তীৰ্থৰ আশ্ৰয়। ব্ৰাহ্মনৰ পাদ তীৰ্থ সমস্তে থাকয় | ব্ৰাহ্মন পাদোদকে যি ভুমি তিত। পদ্মপত্ৰে তাৰ পিও জলক পিয়' | ৪৫ ৩ বিপ্ৰ পাদোদক ভুঞ্জে কৰি সতকাৰ। ৰিপ্ৰক দক্ষিনা দিয়ে কৰিয়া আদৰ। সমস্ত তীৰ্পৰ মানে যি ফল পাৱয়। বিপ্ৰ পাদোদকে সেহি ফলক লভয়। ৪৫৪ বিপদ বিনাশ কৰে শুভ সুখ হয়। ব্যাধিৰ নিৰ্ম্মল কৰে যি পুষ পিৰয়॥ গঙ্গাৰ সদৃশ তীৰ্থ নাহি জগতত। মাধৱত পৰেদেৱ নাহি ব্ৰহ্মাণ্ডহ | ৪৫৫ মহদ্বি সমথুল নাহি ব্ৰহ্মাণ্ডত। পৰমাণু সম ব্ৰহ্ম নাহি সংসাৰত। ব্ৰাহ্মনত পৰে সুপবিত্ৰ নাতি কয়। দ্বিজৰ শৰাৰ পুজ্য সব তীৰ্থময়। ৪৫৬ ব্ৰহ্মনত পৰেদেউ পুজা নাহিকয়। ব্ৰহ্মা ককি আছে তাক পুৰত নিশ্চয়। তানো নানা তুতি নতি কৰিল বিস্তৰ। নিলিখিলো আমি পদ বাহুল্যক ভৰ। ৪৫৭ সাম সেদ স্তোত্ৰে পুনু ভিষ্মক নৃপতি। কৃষৰু কৰিল। তুতি কৰিয়া ভকতি॥ ভিষ্মক বদতি প্ৰভু, জগত ইশ্বৰ। সমস্থৰে আত্মা তুমি সাখি সমস্তৰ॥ ৪৫৮ কৰ্ম্মৰ কৰ্মীৰ ইশ তুমি নাৰায়ণ। জ্যোতি ৰূপ পৰম্ ব্ৰহ্ম (দৱ সনাতন। তুমি পৰমাত্ন। সত্য নিত্য নিৰঞ্জন তযু প্ৰতি বিশ্বজীৱ মায়ায়ে বন্ধন॥ ৪৫৯ আনে। নানা তুতি নতি কৰি নৃপবৰ। ভক্তি ভাৱে প্ৰনামিলা চৰণে কৃষৰ।