পদ
ভগৱন্ত নিগতি কৰি এক মন।
সুনিক মহাবিৰ বেৰ বচন।
ব্ৰাহ্মন গুৰু অৰ্থে প্ৰান সঙ্কটত।
বৃতি অৰ্থে বিবাহত নাৰি বিসয়ত॥১২২৬
অসত্য কহিলে আত দোস নাহিকয়।
বেদবাক্য অনুসৰি নকৰা সংসয়।
ৰাধাৰ আগত সত্য বলিল। বচন।
তথাপিতো তোমাক মুচুইবে পাপগন॥১২২৭
চিকাৰ বিহিন জদি হোৱয় তোমাৰ।
তথাপিতো নৰক নহৈব কৈলোসৰ।
মোৰ ভক্ত মোক চিন্তি গোলোক ল ভয়।
মোৰ প্ৰসাদত নককো নেদেখয়। ১২২৮
তথাপি তোমাৰ অঙ্গিকাৰ সাকলিবো।
তোমাৰ বচন পালি স্বপ্নে মঞি জাইবো।
ৰাধিকাক কৃড়ি স্বপ্নে গোপিক কৃড়িবো।
মাতৃৰ কোলাত চৰিতান স্তন খাইবো॥১১২৯
হেনবাক্য সুনি প্ৰমিলা বিৰবৰ।
ভৱ পসিল। গৈয়া আপোন মন্দিৰ।
স্বপ্নত গৈলন্ত হৰি ৰাধিকাৰ পাষ।
নানাবিধ কৃড়াকৰি কৰিল আসাস॥ ১২৩০
অতি গোপ্য জ্ঞানক কহিলা ৰাধিকাত।
সন্তোস কৰিল। জ্ঞান কহিয়ো সংখ্যাত।
গোপিকা গনকে। কৃড়িঃ স্ত নাৰায়ণ।
জথোচিতে প্ৰবোধিয়া বুলিলা বচন॥ ১২৩১
জষোদৰ কোলে চৰি সন্তোসিলা মন।
তাস্তন পান কৰিলন্ত নাৰায়ণ॥
গোপ সকলকে। প্ৰবোধিলা বুলিবানি।
লগৰ সিশুকো সম্ভাসিলা চক্ৰপানি। ১২৩২
সন্তকে স্বল্পত বুলি পৃয়বানি।
মথুৰা নগৰে প্ৰবেসিল। গদাপানি।
ব্ৰহ্ম বৈবৰ্ত পদ মহা পুনৰ।
শ্ৰীকৃষ্ণৰ জন্ম খণ্ড আতি মনোহৰ। ১২:৩
নাৰায়ণ নাৰদ সাদ মনোহৰ।
কৃষ্ণু উদ্ধৱৰ কথা পাতি কঢ়িক।
অষ্টাধিক নৱতি অধ্যায় সমাপত।
কৃষ, উদ্ধৱৰ কথা পাপ কৰে হত্ত। ১২৩৪
হে কৃষদেৰ প্ৰভু দৈৱকি নন্দন।
তোমাৰ চৰনে মনি পদিলো সৰণ।
ইতো পদ বিসয়ত মোৰ দোস চয়।
ক্ষেমিয়োক জগন্নাথ তুমি কৃপাময়॥ ১২৩৫
সন্তসাবো ক্ষেমাকৰ| দোস পায়। বড়।
ক্ষেমাসে উচিত মহন্ত সবৰ।
জদি নিন্দ। কৰা (মাক নাহি প্ৰয়োজন।
মুলক চাহিয়া পাছে কৰিবা নিন্দন॥ ১২৩৬
জদ নিন্দা কৰে মোক সাস্ত্ৰজ্ঞসকল
মোৰ পাপক্ষয় হেতু তাতে মহাফল।
জদি মোৰ বাক্যচয় সুদ্ধ বোলয়।
কৃষৰ কথায়ে বাক্য মিশ্ৰ হুচিয়। ১২৩৭
গঙ্গাজলে আন নদি জল মী হয়।
অন্য নদি জল বুলি কেলবা তেজয়।
এহি পতন্তৰ ইতেমোৰ পয়াৰ।
কৃয় কথায় অv -চয় বিস্তৰ। ১৩৮
হেনজানি সন্তচয় কৰো নিবেদন।
কৃষক থ। সুনি তুষ্ট কৰিয়োক মন।
পুৰ্বে সন্তসলে জিতে। পয়াৰ কৰিলা।
নিৰ্দোস কৰিয়া কোনে কৰিব পাৰিল। ১২৩৯
পৰমাণু সম, আমি জানি সন্তচয়।
মেহেৰ দে।ধক সবে কেমিবে লাগঞ্জ।
ক্ষেমাসে উচিত ধৰ্ম্ম জান। মহন্তৰ।
কৃষ্ণ কথা শুনি দোস লেমিয়ে পদৰ॥১২৪০