পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৭
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

জগতৰ ইশ্বৰ কৃষ্ণ থাকি হৃদয়ত।
অনুমতি দিলা জিবা কৰিলো সিমত॥
মোহোৰ নিন্দাত কিচো নকৰোহো সোক।
কৃষ্ণকথা শুনি তুষ্ট হোৱা সাধুলোক॥১২৪১
কৃষৰ কথায়ে পুৰুসক উদ্ধাৰয়।
পাপক সংহৰি পাছে গোলোক লভয়॥
অসান্মত ধন জন সবে অকাৰন।
মনে বিমৰসি ভজা কৃষ্ণৰ চৰন॥ ১২৪২
আপোন সৰিৰ হৈল বিষ্ঠা পলুচাই।
শ্ৰীকৃষ্ণ চৰন সাৰ কৰা সমুদাই॥
অপোনাৰ পিতৃ মাতৃ আনো বন্ধুগন।
আগত মৰিয়া জাই নাহিকে চেতন॥১২৪৩
হে কৃষ্ণদেৱ প্ৰভু দেৱমধ্যে সাৰ।
সমপ্পিলো ইতোপদ চৰনে তোমাৰ॥
তজু কথা অমৃতত নিমজোক মন।
এহি অনুগ্ৰহ মোক কৰা নাৰায়ণ॥ ১২৪৪
তজু ভকতৰ সঙ্গ সদা নচাৰোক।
এহি অনুগ্ৰহ নাথ কৰিয়োক মোক॥
ভনে বলোৰাম বিপ্ৰে চাৰি আন কাম।
সংসাৰ তৰনি ডাকি বোলা ৰাম ৰাম॥ ১২৪৫


ব্ৰহ্ম বৈবৰ্ত পুস্তক সম্পূন্য সমাপ্ত॥
সক ১৭৩০॥
তাৰিখ ২৩ জেঠত॥
জাহাকে দেখয়  তাকেসে লেখয়
জানিবা নিশ্চয় কৰি।
সুনা সৰ্বলোক  ক্ষেমা দিবা মোক
মুৰ্খকো নিবা নিস্তৰি॥