পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যাকৰণ পাঠ। এইদৰে দেখা গছৰ ওপৰত এটা ধুনীয়া চৰাই পৰিছে; তেনেহলে এটা সম্পূৰ্ণ অৰ্থ ওলাব। যায় যে, কোনো এটা মনৰ ভাব আনক বুজাবলৈ হলে শব্দবোৰ কোনো বিশেষৰূপে বহুৱাব লাগে। এইদৰে মনৰ কোনো ভাব প্ৰকাশৰ কাৰণে শব্দবেবিক বিশেষ- ৰূপে ৰহুৱালেই সি কথা বা বাক্য হয়। ২। মানুহে যিবিলাক শব্দ যি ধৰণে কৈ মনৰ ভাব সম্পূৰ্ণৰূপে প্ৰকাশ কৰে, তাকে ভাষাও বোলে। এই ভাষা দেশ আৰু জাতি ভেদে বেলেগ বেলেগ; আমি অসমীয়া মানুহ, আমাৰ ভাষাক অসমীয়া ভাষা বেলে। এই ৰকমে ৰঙ্গালী, পাৰ্চী ইংৰাজী আদি পৃথি- ৰীত বহুত প্ৰকাৰৰ ভাষা আছে। তা প্ৰায় সকলে৷ জাতিৰ ভাষা দুবিধ – কোৱা আৰু লিখা। কোৱা অসমীয়া ভাষা সকলে৷ ঠাইতে তেনেই নিমিলে। কিন্তু লিখা ভাষা সকলোতে একে। এতেকে লিখা ভাষাই সাধাৰণ ভাষা, ইয়াকে সাধু ভাষাও ৰেলে। 81 ভবতত্ত্ব প্ৰায় সকলো ভাষাই সংস্কৃতব পৰা ওলোৱা; আমাৰ ভাষাৰ জননীও সংস্কৃতেই।