পৃষ্ঠা:বৈষ্ণব-ৰত্ন কীৰ্ত্তন.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৮ ]

মূঢ়ৰ ৰচনা বুলি নাভাবিবা আন।
শাস্ত্ৰৰ শ্লোকৰ হন্তে পদ বিৰচন॥
হব পাৰে বঢ়া-টুটা দোষ কিঞ্চিতেক।
সাধু-সন্ত সবে যেন ক্ষময় প্ৰত্যেক॥৫৬
হৰিৰ নামত বিনে আন গতি নাই।
ইটো যুগে এহি ধৰ্ম্ম জানিবা নিশ্চয়॥
কলিত অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ।
সিকাৰণে কলি যুগে নামে অতি সাৰ॥৫৭
মূঢ়মতি শিবৰামে শাস্ত্ৰমত চাই।
দ্বাদশ অক্ষৰী মন্ত্ৰ পদে নিবন্ধয়॥
হেন জানি সভাসদে এৰি আন কাম।
পাতক ছাৰোক ডাকিবোলাঁ ৰাম ৰাম॥৫৮

ইতি দ্বাদশাক্ষৰ মহামন্ত্ৰ হৰিপদে সমাপ্ত