পৃষ্ঠা:বৈষ্ণব-ৰত্ন কীৰ্ত্তন.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৭ ]

তে বোলয় সংসাৰৰ বন্ধে উদ্ধাৰাহা।
একান্ত শৰণ ললোঁ প্ৰভু জানিবাহা॥
বা বোলয় জৰা-মৃত্যু ভয়ে অতি ভীত।
সিকাৰণে ৰক্ষা কৰা হলোঁ নিবেদিত॥৫১
সু বোলয় কোনোমোৰ সুকৃতি নাহিক।
দুষ্কৃতি পাপৰ হন্তে উদ্ধাৰিয়ো মোক॥
দে বোলয় দেহান্তৰ ধৰোঁ বাৰে পতি।
ৰজা-ভিক্ষু হোৱা হন্তে উদ্ধাৰা সম্প্ৰতি॥ ৫২
বা বোলয় প্ৰতিজ্ঞা যি আছিলোঁহো কৰি।
ভঙ্গ কৰা দোষ হন্তে উদ্ধাৰিও হৰি॥
য় বোলয় স্ত্ৰী-পুৰুষ হওঁ যেহি যোনি।
তাতে ভক্তি ৰাখিবাহা মোৰ ই বাঞ্ছনি॥৫৩
বিষ্ণুৰ উদ্দেশে যেহি এই স্তুতি কৰে।
সদ্য কালে জন্মাৰ্জ্জিত পাপক সংহৰে॥
দ্বাদশ অক্ষৰী মন্ত্ৰে ভক্তি ভাবে নৰে।
পাঠ কৰি, বিষ্ণুলোকে সদ্যঃ গতি কৰে। ৫৪
চন্দ্ৰ, সূৰ্য্য, দেবাদিৰো কল্প অৱসানে।
পুনৰাগমন হয় স্বকৰ্ম্ম সাধনে॥
কিন্তু এহি মন্ত্ৰ জপ জন্ম নাহি ধৰে।
হেনয় মন্ত্ৰক পাঠ কৰা উচ্চৈস্বৰে।৫৫