পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৫]

উঠি ধৈৰ্য্য ধৰি জানুপাৰি কৰ যুড়ি।
বুলিবাক লাগিলা কৃষ্ণক তুতিকৰি॥ ২০॥
নমো নমো কৃষ্ণ তযু অভয় চৰণে।
যাৰ পদ সেৱে ব্ৰহ্মা আদি দেবগণে॥
হেন প্ৰভু তুমি মোৰ প্ৰিয় ইষ্ট দেৱ।
শঙ্কাদূৰ কৰা চৰণত কৰোঁ সেৱ॥২১॥
ইটো কথা অদভূত কৈত নতু শুনি।
দেবতাত কৰি ভকতেসে মহামানী॥
ইটো শঙ্কা ভৈলা মোৰ প্ৰভু আতিশয়।
ছেদিয়োক শঙ্কা মোৰ তুমি কৃপাময়॥২২॥
হেন শুনি হাসি বুলিলন্ত ভগৱন্ত।
মই যে নপাওঁ মোৰ ভকতৰ অন্ত॥
তথাপিতো কিছেু কহোঁ তোমাৰ আগত।
হোৱা সাবধান সখি এৰি আন মত॥২৩॥
শুনা সভাসদ লোক হুয়া সাবধান।
সাধু সেৱা বিনে কলি যুগে নাহি আন॥
আপুনি কহন্ত কৃষ্ণে অৰ্জ্জুনক মাতি।
লৈযো সাধু সঙ্গ সখি যদি পাইবা গতি॥২৪॥
সুদৃঢ় নায়ক জানা সেৱা যে সাধুৰ।
যদি পাৰ হুই কলি ভবনদী তৰ॥
সৎসঙ্গ নাৱত উঠা নাম বৈঠা ধৰি।
আনাযাসে হুয়ে পাৰ ভৰভয় তৰি॥ ২৫॥