পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬]

কৃষ্ণৰ মুখৰ বাণী ইটো জানা সাৰ।
সন্ত সঙ্গ লৈয়া ভবনদী হোৱা পাৰ॥
হেন জানি নৰজন্ম নকৰিয়ো বৃথা।
সাধু সঙ্গ লৈয়া শুনা মাধৱৰ কথা॥২৬॥
ঘোৰ কলি যুগে ইটো তৰণ উপাই।
নাহি আন গতি সাধু সেৱাত বিনাই॥
নমো নমো নাৰায়ণ তুমি মোৰ গতি।
তোমাৰ চৰণে মোৰ হৌক দৃঢ়মতি॥২৭॥
নজানো ভকতি তুতি নেজানো প্ৰণতি।
মই অধমক প্ৰভু দিয়ে অনুমতি॥
সদা নচাৰোক যেন সাধুৰ সঙ্গতি।
চৰণে পৰিযা প্ৰভু কৰোহু প্ৰণতি॥২৮॥
মুখে নাম হৃদিৰূপ শিৰেষে প্ৰণাম।
শ্ৰবণত তযুকথা ৰৌক অবিশ্ৰাম॥
এহি দান মাগোঁ প্ৰভু তোমাৰ চৰণে।
নকৰিবা আশাভঙ্গ পশিলোঁ শৰণে॥ ২৯॥
শুন নৰ লোক সাবধান কৰিমন।
পাইবা সংসাৰৰ পাৰ স্মৰা নাৰাযণ॥
কহে দীন বালকানন্দে যে অধমে।
সংসাৰ সাগৰ নাৱ কৃষ্ণৰেসে নামে॥৩০॥
হেন জানি নৰনাৰী ধৰাগুণ নাম।
সমস্ত সমাজে ডাকি বোলা ৰাম ৰাম॥ ৩১॥