পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪)

যেন সিংহ মত্ত হোৱে ভাদ্ৰ মাস পাই।
মহাজনে মত্ত হোৱে সাধুসঙ্গ পাই॥
হৰি ৰসে মত্ত হুয়া দ্ৰবহোরে চিত্ত।
আনন্দে লোতক সৰ্ব্ব তনু পুলকিত॥ ১৫
ঘৰ্ম্ম বিন্দু জলবহে গদ গদ বাক।
মৌন হুয়া থাকে পাশৰিয়া আপনাক॥
কতো মনে ৰূপ ধৰি হাসে আনন্দতে।
কতো বেলি কৰে মজি কৃষ্ণকথামৃতে॥ ১৬
কৈলোঁ প্ৰাণ সখি সাধু সবৰ যে চিন।
সবাতে সুহৃদ বুদ্ধি নাহি তান ভিন্ন।
স্থাবৰ জঙ্গম যত দেখে আত্মাময়।
হৰি বুদ্ধি কৰি লোৱে নাহিকে সংশয়। ১৭৷
কি কহিবোঁ সখি মই ভক্তৰ মহিমা।
ভক্তি সেৱা কৰি পাৱে সংসাৰৰ সীমা॥
হেন ভক্ত হেলা নকৰয় মূঢ়নৰে।
আতি মহা দুৰ্ম্মতি নাহিকে তাত পৰে॥ ১৮
হেন সাধু সেৱা কৰা সখি সৰ্ব্বক্ষণে।
শয়নে ভোজনে স্নানে নেড়িবাহা মনে॥
দেবতা নপাৱে সখি সঙ্গ ভকতৰ।
মই কি কহিবোঁ সখি আপুনি চতুৰ। ১৯।
হেন শুনি পাৰ্থে মনে গুণি কতক্ষণে।
কৰিলা প্ৰণাম পৰি কৃষ্ণৰ চৰণে॥