পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৭ ]

নামে বন্ধু নামে ভাই নামে ধন জন।
নামেসে সুহৃদ আত্মা নামেসে জীবন॥ ২৪৩॥
হেন জানি সখি তুমি ধৰা মোৰ নাম।
তিলেক নেৰিবা সখি কৈলোঁ অবিশ্ৰাম॥
নাম এৰিলে মিলে মহা পাপ ঘোৰ।
হেন জানি মহাজনে নাম নেৰে মোৰ॥ ২৪৪॥
বিষয়ত থাকি যদি সদা নাম লয়।
তথাপি বিষয় দোষে তাক নোছোৱয়॥
যেন জল মাঝে আছে পদ্ম-পত্ৰ চয়।
উপৰত জল ধাৰে সদা বৰিষয়॥ ২৪৫॥
তথাপিতো জল পদ্ম পত্ৰে নলাগয।
সেহি মতে বিষয়ৰ দোষে নপাৱয়॥
আকে জানি অহৰ্নিশে নাম লৱে মোৰ।
নিজে কহিলোহো সখি আগত তোমাৰ॥ ১৪৬
নাম বিনে সখি ধৰ্ম্ম নাহি নাহি আন।
কৈলো সত্য কথা তোমাসাৰ বিদ্যমান॥
মোৰ নাম ৰাজা সৰ্ব্ব ধৰ্ম্মৰ উপৰি।
সত্যে সত্যে সত্যে কহোঁ নিষ্ঠ কৰি॥ ২৪৭॥
তিনি সত্য কৰি মই কহিলো তোমাত।
তথাপি প্ৰত্যয় যদি নকৰাহা আত॥
মই পূৰ্ণ ব্ৰহ্ম জগতৰ পৰ স্বামী।
মোৰ বাক্য হেলা কৰি যাইবা অধোগামী॥ ২৪৮